অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(কামৰূপ মহানগৰ সমিতি)ৰ ’কা’ বাতিলৰ দাবীত প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(কামৰূপ মহানগৰ সমিতি)ৰ ’কা’ বাতিলৰ দাবীত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি মুখ্য কাৰ্য্যালয়ৰ সমীপৰ পি ডব্লীউ ডি কাৰ্য্যালয়ৰ ওচৰত তথা মনিৰাম দেৱান পথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা কমিটীৰ উদ্যোগত প্ৰাক্তন সম্পাদক সুকুমাৰ বৰ্মন, সভাপতি সঞ্জীৱ ৰায় চৌধুৰী, প্ৰাঞ্জল দাস, ইনামূল হককে আদি কৰি প্ৰায় ২০ জন মান সদস্যই নাগৰিকত্ব সংশোধনী আইন বলবৎৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাজপথত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচীৰে তেওঁলোকে চৰকাৰক সকিয়াই দিয়ে যে চৰকাৰে এই জাতি ধ্বংসী আইন বাতিল নকৰিলে জংগী আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব। উল্লেখ থাকে যে কিছু সময়ৰ বাবে কাৰ্যালয়ত সভাপতি পলাশ চাংমাই উপস্থিত থাকে৷