অসম চৰকাৰ-উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ মাজত বুজা-বুজি চুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বিভিন্ন ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বহল প্ৰয়োগৰ দিশত এক যুগান্তকাৰী কাৰ্যকৰণৰ পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজ্ঞান,প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিগৃহত এই বুজা- বুজি চুক্তি স্বাক্ষৰিত হয়৷অসম চৰকাৰৰ হৈ উক্ত বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী,আই এ এছ আৰু উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ হৈ সঞ্চালক ড° শিৱ প্ৰসাদ আগৰৱালাই এই চুক্তিত স্বাক্ষৰ কৰে৷স্বাক্ষৰৰ সময়ত অসম বিজ্ঞান,প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক কিমনেই ছাংচন আৰু অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজু সাক্ষী হিচাপে স্বাক্ষৰ কৰে৷