অসম চৰকাৰৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

“ৰাষ্ট্ৰ নিৰ্মাণত দুগ্ধ উৎপাদকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ মন্ত্ৰী অতুল বৰা”

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- : ভাৰতবৰ্ষৰ দুগ্ধমানৱ ড° ভাৰ্গিজ কুৰিয়ানৰ জন্মবাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ চৌহদত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি ভাৰতৰ দুগ্ধমানৱ খ্যাত ড° ভাৰ্গিজ কুৰিয়ানক সশ্ৰদ্ধ স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত আমাৰ শৰীৰত গাখীৰৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰে আৰু দুগ্ধ ক্ষেত্ৰৰ উত্তৰণৰ পোষকতা কৰে। বিশ্বৰ মুঠ দুগ্ধ উৎপাদনত প্ৰায় ২৫% অৰিহণা যোগাই ভাৰতবৰ্ষই বিশ্বত এক উল্লেখনীয় স্থান দখল কৰিছে বুলি মত প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ফলস্ৰুতিত ৰাজসাহায্য লাভ কৰা যুৱ চামে পশুপালন, দুগ্ধ আদি ক্ষেত্ৰসমূহত আত্মনিয়োগ কৰিছে আৰু তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে বিভাগটোক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ মানৱ শক্তি বৃদ্ধিৰ বাবে নতুন নিযুক্তিৰ কথাও মন্ত্ৰীগৰাকীয়ে জনায়। উল্লেখ্য যে এই অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে গোপাল তথ্য নামৰ এটা এপ্লিকেচনৰ শুভাৰম্ভ কৰে যাৰ জৰিয়তে কৃষক তথা পশুপালক সকলে বিভিন্ন ধৰণেৰে লাভান্বিত হ’ব বুলি আশা কৰে। ইয়াৰ লগতে কেইবাখনো দুগ্ধ উন্নয়ন সমিতিক দুগ্ধক্ষেত্ৰত তেওঁলোকৰ অবদানৰ বাবে আজিৰ এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।

অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গৰ্লোছাই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত পোনতে ভাৰতৰ দুগ্ধমানৱ ৰূপে জনাজাত ড° ভাৰ্গিজ কুৰিয়ানক স্মৰণ কৰে। মন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ দুগ্ধক্ষেত্ৰৰ উত্তৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ শলাগ লয়। মন্ত্ৰী গৰাকীয়ে দুগ্ধ উৎপাদন বৃদ্ধিৰ পোষকতা কৰাৰ লগতে এই ক্ষেত্ৰত তথ্য-প্ৰযুক্তিৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। ভাষণৰ শেষত তেওঁ আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত অসমৰ পৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কৃষক সকলক অভিনন্দন জনায়।

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গৰ্লোছা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালিকা পাঞ্চালী কাকতি, পশু চিকিৎসা মহাবিদ্যালয়ৰ ডিন ড° বিবেকানন্দ শইকীয়াৰ লগতে অসমৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন ঠাইৰ কৃষক, পশুপালক আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।