অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভউদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ খোৱাং সমজিলাৰ

অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে শুভউদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ খোৱাং সমজিলাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে ডিব্ৰুগড়ৰ খোৱাংঘাটস্থিত সোনোৱাল ভৱন নাটমন্দিত খোৱাং সমজিলাৰ “সমজিলা আয়ুক্ত কাৰ্য্যালয়”ৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, প্ৰশাসনিক সংস্কাৰক এক নতুন গতি দিয়াৰ লক্ষ্যৰে তথা ৰাইজক সকলো অত্যাৱশ্যকীয় চৰকাৰী সেৱা যথাসময়ত উপলদ্ধ কৰাৰ মানসেৰে অসম চৰকাৰে লোৱা দৃঢ় পদক্ষেপৰ ফলশ্ৰুতিত প্ৰথম পৰ্যায়ত ৪ অক্টোবৰ আৰু ৫ অক্টোবৰত ডিব্ৰুগড় জিলাৰ খোৱাং, দুলীয়াজান, নাহৰকটীয়া আৰু টিংখাং বিধানসভা সমষ্টি সাঙুৰি অসমৰ ৩৯ টা বিধানসভা সমষ্টিত সমজিলা প্ৰতিষ্ঠা কৰাৰ লগতে দ্বিতীয় পৰ্যায়ত বাকী থকা জিলাসমূহতো সমজিলা নিৰ্মাণ হ’ব। খোৱাং সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ শুভউদ্বোধন কাৰ্য্যসূচীত আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে সমজিলাত সম্পাদন হবলগীয়া কামকাজৰ সবিশেষ তথ্য ৰাইজৰ আগত দাঙি ধৰাৰ লগতে এই সমজিলাই প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰাৰ লগতে নাগৰিকৰ বাবে সকলো চৰকাৰী সেৱা সুচল কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য আগবঢ়ায়। এতিয়াৰে পৰা ৰাইজে চৰকাৰী কামকাজ তথা যিকোনো সমস্যা নিকটৱৰ্তী সমজিলা আয়ুক্তৰ কাৰ্যালয়তে সমাধা কৰিব পাৰিব বুলিও জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ শুভউদ্বোধন কৰি অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে আজিৰ দিনটো সমগ্ৰ খোৱাংবাসী ৰাইজৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত গঠন হোৱা সমজিলাই ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান হ্ৰাস কৰি প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ লৈ যোৱাৰ লগতে সকলো উন্নয়নমূলক কামকাজৰ গতি আৰু অধিক ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে। মন্ত্ৰী যোগেন মহনে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, সমজিলা গঠনৰ ফলস্বৰূপে প্ৰশাসনিক কামকাজৰ সূচলতা, প্ৰশাসনৰ সংঘবদ্ধতা তথা তৃণমূল পৰ্যায়ত প্ৰশাসনৰ কাৰ্য দক্ষতা অধিক বৃদ্ধি পোৱাৰ লগতে এক নাগৰিকমুখী প্ৰশাসনিক ব্যৱস্থাৰ গঢ় দি বিকেন্দ্ৰীকৰণৰ জৰিয়তে চৰকাৰী আচঁনি সমূহৰ ফলপ্ৰসু ৰূপায়ন তথা জনসাধাৰণৰ ক্ষীপ্ৰ আৰ্থ-সামাজিক উন্নয়ন সাধন হব। উল্লেখ্যযোগ্য যে, সমজিলাসমূহৰ মান হব মহকুমাৰ ওপৰত আৰু এখন জিলাৰ প্ৰায় সম-পৰ্যায়ৰ হব সমজিলাসমূহ। সমজিলাসমূহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা, আৱকাৰী, খাদ্য-অসামৰিক যোগান আদি বিভাগৰ লগতে ভূমি ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আচঁনিৰ ৰূপায়নৰ কামকাজ সম্পন্ন কৰা হব। আনহাতে, সমজিলাসমূহত থাকিব দণ্ডাধিক গৰাকীৰ ক্ষমতা আৰু সমজিলাৰ অন্তৰ্গত সকলো চৰকাৰী বিভাগৰ ওপৰত প্ৰসাশনিক কৰ্তৃত্ব থাকিব। সমজিলাত এগৰাকী অতিৰিক্ত জিলা আয়ুক্তক সমজিলা আয়ুক্ত হিচাপে নিয়োজিত কৰাৰ লগতে প্ৰতিখন সমজিলাত থাকিব দুগৰাকীকৈ সহকাৰী আয়ুক্ত। ইয়াৰোপৰি সমজিলাসমূহত নিয়োগ কৰা হৈছে দক্ষতাসম্পন্ন কৰ্মচাৰী। সকলৰে একত্ৰিত প্ৰচেষ্টাত সমজিলাৰ কামকাজ সমূহে অধিক গতিশীলতা লাভ কৰিব আৰু সুচাৰুৰূপে সম্পাদন হ’ব। “সমজিলা আয়ুক্ত কাৰ্য্যালয়”ৰ উদ্বোধনী কাৰ্য্যসূচীত খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, খোৱাং সমজিলাৰ সমজিলা আয়ুক্ত জিন্টু বৰা, জ্যোতি চিত্ৰাবনৰ উপাধ্যক্ষ সুনীল ৰাজখোৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, এজিচিএলৰ সঞ্চালক পূণ্য বৰা, সোণোৱাল চেৰিটেবল ট্ৰাষ্ট্ৰ সভাপতি প্ৰবীন হাজৰিকা, সচিব মণিৰাম শইকীয়া প্ৰমূখ্যে অন্যান্য স্থানীয় বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকে।