অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ সৌজন্যত আৰু অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত ৫ দিনীয়াকৈ আয়োজিত “বানিজ্য মেলা”::উপস্থিত পৰিবহন মন্ত্ৰী যোগেন মহন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ সৌজন্যত আৰু অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত তথা ডিব্রুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত ডিব্রুগড় মৰাণৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত আজিৰে(৯-১-২৫) পৰা পাঁচ দিনীয়াকৈ অনুষ্ঠিত হৈছে “বানিজ্য মেলা”। উক্ত বানিজ্য মেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহণ, সমবায়, পাহাৰীয়া অঞ্চল আৰু খিলঞ্জীয়া, জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন। এই বাণিজ্য মেলাত প্রদর্শনী আৰু বিক্ৰীৰ লগতে স্থানীয় যুৱক যুৱতী সকলৰ বাবে বিভিন্ন প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই বাণিজ্য মেলাৰ জৰিয়তে বিভিন্ন উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্রী সমূহৰ প্ৰসাৰ আৰু বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে। ডিব্রুগড় মৰাণৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত আয়োজিত বাণিজ্য মেলাত মুঠ ৬০ জন স্থানীয় আৰু চুবুৰীয়া জিলাৰ উদ্যোগীয়ে বিনামূলীয়াকৈ অংশ গ্রহণ কৰিবলৈ সুযোগ পাইছে। তাৰোপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা (ড্ৰাই ফ্ৰুটচ) ৰ উদ্যোগৰ লগত জড়িত উদ্যোগী প্রতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। এই বাণিজ্য মেলাত স্থানীয় যুৱক যুৱতী সকলৰ ব্যৱসায়িক দিশৰ জ্ঞান বৃদ্ধিৰ বাবে মীন পালন, পশু পালন, কাঠফুলাৰ খেতি, মৌ পালন আৰু ৰেচম বিভাগৰ ওপৰত বিভাগৰ দক্ষ আৰু সমল ব্যক্তি সকলৰ দ্বাৰা প্ৰশিক্ষণ প্রদান কৰা হব। এই বাণিজ্য মেলাখনৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ উঠি অহা নৱ প্রজন্ম উদ্যোগী সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে এখন উন্নত মানৰ বজাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। এনেধৰণৰ বাণিজ্য মেলাই জিলাখনৰ উন্নতি সাধন কৰাৰ উপৰিও উদ্যোগী সকলক উৎসাহিত কৰি তোলাত বৰঙনি যোগাব। উদ্যোগী সকলে নিজৰ উদ্যোগটো জীয়াই ৰখাৰ উপৰিও আন দহজন থলুৱা যুৱক যুৱতীকো জীৱিকা উপাৰ্জনৰ পথ দেখুৱাব বুলি আশা কৰিব পাৰি।