অসম চিকিৎসা মহাবিদ্যালয়লৈ দ্বিতীয়বাৰৰ বাবে দেশৰ শ্ৰেষ্ঠ চিকিৎসা গৱেষণা বঁটা

অসম চিকিৎসা মহাবিদ্যালয়লৈ দ্বিতীয়বাৰৰ বাবে দেশৰ শ্ৰেষ্ঠ চিকিৎসা গৱেষণা বঁটা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডৰ দুখীয়া ৰোগীক চিকিৎসা সেৱা আগবঢ়াই অহা ডিব্ৰুগড়স্থিত অসম চিকিৎসা  মহাবিদ্যালয় চমুকৈ ‘এএমচিএইছ’ক সমগ্ৰ ভাৰতৰ ভিতৰতে একেৰাহে দ্বিতীয় বাৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয়ৰ বঁটা প্ৰদান কৰা হৈছে৷  নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২০ মাৰ্চত অনুষ্ঠিত ‘মেডিকেল কলেজ ৰিচাৰ্ছ কনেক্ট -২০২৫’  ত  নিটি আয়োগৰ সন্মানীয় সদস্য ডঃ ভি. কে পল, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি.এন গংগাধৰ, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ  স্বাস্থ্য গৱেষণা বিভাগৰ সচিব  ৰাজীৱ বহেল আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মহানিৰ্দেশক ডাঃ ভি. এম কাটোচে  অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক এই  বঁটা প্ৰদান কৰে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ সঞ্জীৱ কাকতি আৰু উপাধ্যক্ষ অধ্যাপিকা ডাঃ ৰীমা নাথে প্ৰতিষ্ঠানটোৰ হৈ এই বঁটা গ্ৰহণ কৰে৷ স্বাভাৱিকতেই দ্বিতীয়বাৰৰ বাবে এই বঁটা লাভ কৰি চিকিৎসা শিক্ষানুষ্ঠানটিয়ে গৌৰৱৰ কঢ়িয়াই অনাৰ বাতৰিয়ে  সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিছে৷  ইয়াৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়ালৰ চিকিৎসক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে৷ মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড০ কাকতিয়ে এই কৃতিত্বৰ বাবে সহৃদয় ৰাইজৰ লগতে গৱেষণাৰ স’তে জড়িত শিক্ষক-গৱেষক সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয় যে এয়া সংশ্লিষ্ট সকলোৰে সহযোগিতাৰ বাবেহে সম্ভৱ হৈছে৷ উল্লেখ্য যে ২০২৪ বৰ্ষত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় আৰু আই চি এম আৰৰ উদ্যোগত দেশৰ ১১৮ খন চিকিৎসা মহাবিদ্যালয়ক সামৰি মাল্টি ডিচিপ্লিনেৰী ইউনিট স্থাপন কৰি ইয়াৰ জৰিয়তে বছৰি চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী কলেজক  “গৱেষণা বঁটা” প্ৰৱৰ্তন কৰি আহিছে ৷ প্ৰথবাৰৰ বাবে  নিজৰ কৃতিত্বৰ বাবে ‘এএমচিএইছ’ কতৃৰ্পক্ষই এই বঁটা লাভ কৰাৰ লগতে এই ধাৰা অক্ষুন্ন ৰাখি ২০২৫ বৰ্ষতো পুনৰ  বঁটা লাভ কৰাৰ বাবে সকলোৱে সন্তোষ প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ‘এএমচিএইছ’ কতৃৰ্পক্ষক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷