অসম চিকিৎসা মহাবিদ্যালয়লৈ ৩৭ টা পৰিচৰ্য্যা কেবিন সহ ন কোটি টকা দিলে অইলে

অসম চিকিৎসা মহাবিদ্যালয়লৈ ৩৭ টা পৰিচৰ্য্যা কেবিন সহ ন কোটি টকা দিলে অইলে

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চিকিৎসা মহাবিদ্যালয়ৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ পথত।অইল ইণ্ডিয়াই অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰিব ৩৭ খন বিচনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্য্যা কেবিন। এ এম চি এইচৰ সৈতে অইলৰ বুজাবুজিৰ চুক্তি এখন সম্পন্ন হয়। অসমৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্য আগত ৰাখি এক উল্লেখযোগ্য উন্নয়নৰ দিশত অইল ইন্ডিয়া লিমিটেডে চি এছ আৰৰ অধীনত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (এ এম চি এইচ) সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মুঠ প্ৰায় ন কোটি টকা বাজেটৰ এই চুক্তিখনৰ জৰিয়তে “এ এম চি এইচত ৩৭ খন বিচনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্য্যা কেবিন” এক অত্যাধুনিক তথা তৃতীয়ক (টাৰচিয়েৰি) কেয়াৰ ৰেফাৰেল হাস্পতাল নির্মাণ হ’ব। এই উদ্দেশ্যে অসম চিকিৎসা মহাবিদ্যালয়ত ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিখনত অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হক আৰু এ এম চি এইচ, ডিব্ৰুগড়ৰ অধ্যক্ষ ডা০ সঞ্জীৱ কাকতিয়ে স্বাক্ষৰ প্ৰদান কৰে।অনুষ্ঠানটোত অইলৰ মানৱ সম্পদ আৰু ক্ষেত্রীয় প্রশাসনৰ কাৰ্য্যবাহী সঞ্চালক মাধুৰ্য্য বৰুৱা, মুখ্য মহা প্ৰৱন্ধক দেৱাশীস বৰা আৰু জ্যেষ্ঠ্য বিষয়াসকল উপস্থিত থাকে। আনহাতে এ এম চি এইচৰ অধীক্ষক ডা: প্ৰশান্ত দিহিঙীয়াসহ কেইবাগৰাকীও চিকিৎসক আৰু বিষয়াও এই অনুষ্ঠানত উপস্থিত থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় এ এম চি এইচত অসমৰ বিভিন্ন প্রান্তৰ লগতে, অৰুণাচল প্রদেশ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য চুবুৰীয়া ৰাজ্যসমূহৰ পৰা দৈনিক অগণন ৰোগী উন্নত চিকিৎসাৰ বাবে আহে। ইয়াত প্ৰয়োজনীয় ৰোগী পৰিচৰ্যা কেবিনৰ অভাৱ দীৰ্ঘদিনীয়া আছিল। সেয়েহে, উজনি অসমৰ অইলে নির্মাণ কৰিবলগীয়া এই নতুন চিকিৎসা কেন্দ্ৰটোৰ জৰিয়তে প্রয়োজনভিত্তিক আন্তঃগাঁথনি প্রদান কৰি চিকিৎসা সেৱা প্ৰদান ব্যৱস্থাক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে, যাৰ দ্বাৰা বিশেষ আৰু গুণগত চিকিৎসা প্রদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। অইলৰ চি এছ আৰ পদক্ষেপৰ অংশ হিচাপে ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্রকল্পটোৱে চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসা বাবে অহা ৰোগীৰ যথেষ্ট সুবিধা হ’ব বুলি আশা কৰিছে অ চি মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ সঞ্জীৱ কাকতি আৰু অইলৰ মুখ্য বিষয়া আনফৰ আলি হকে।