অসম গ্ৰন্থমেলা, লখিমপুৰত যুৱ-লেখক সন্মিলন

অসম গ্ৰন্থমেলা, লখিমপুৰত যুৱ-লেখক সন্মিলন
যুৱ প্ৰজন্মই সদায়ে নতুন চিন্তা কঢ়িয়াই আনেঃ ড° অৰিন্দম শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য-সংস্কৃতি বিষয়ক আলোচনা সত্ৰ, লেখক-পাঠক আৰু পুথিপ্ৰেমীৰ সমাৱেশত আকৰ্ষণীয় হৈ পৰিছে লখিমপুৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্‌প্লেক্সত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত বিয়লি ২-৩০ বজাত আয়োজন কৰা হয় যুৱ-লেখক সন্মিলন ৷ “উন্মীলন” শীৰ্ষক এই অনুষ্ঠানটি সঞ্চালনা কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° অৰিন্দম শৰ্মাই ৷ তেওঁ সঞ্চালকৰ ভাষণত কয় যে যুৱ প্ৰজন্মই সদায়ে নতুন চিন্তা কঢ়িয়াই আনে ৷ বহু সাহিত্যিক বা অন্যান্য ক্ষেত্ৰৰ সৃষ্টিশীল ব্যক্তিৰ যুৱাস্থাৰ সৃষ্টিয়ে জগত জিনিছে ৷

সাহিত্য, সংগীত, চিনেমা, চিত্ৰকৰ্ম সকলো ক্ষেত্ৰতে ইয়াৰ বহু উদাহৰণ আছে ৷ তেওঁ যুৱ-লেখক সকলক হতাশা মুক্ত হৈ আত্মবিশ্বাসেৰে লিখি যাবলৈ আহ্বান জনাই কয় যে পৃথিৱীত এতিয়া বিভিন্ন বিষয়ৰ সমাহাৰ ঘটিছে ৷ নতুন বিষয়সমূহক নতুন দৃষ্টিভংগীৰে সাহিত্যলৈ অনাটো দৰকাৰ ৷ কবি-লেখক নৱজ্যোতি পাঠকে আঁত ধৰা যুৱ-লেখক সন্মিলনত অংশগ্ৰহণ কৰে মিন্টু শইকীয়া, পূবালী বৰা, ড° ভাস্কৰ ভূঞা, তৰালি ঘৰফলীয়া, ডিম্পল হজৰিকা, অনিৰ্বাণ দত্ত, আকাংক্ষা তামুলী, নীতিশ কুমাৰ দুৱৰা, ৰাজা গোঁহাই, কুসুম্বৰ চেতিয়া, পৰিস্মিতা ওজা, দিব্যজ্যোতি শইকীয়া, ৰিন্টু শইকীয়াই ৷ ইপিনে অসম গ্ৰন্থমেলা, লখিমপুৰৰ চতুৰ্থ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিনিয়াছ একাডেমি,লখিমপুৰ আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ে ৷