অসম গ্ৰন্থমেলাৰ বাকৰিত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অন্তৰংগ আলাপ

অসম গ্ৰন্থমেলাৰ বাকৰিত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অন্তৰংগ আলাপ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৯ ডিচেম্বৰ, ২০২২ ৰ পৰা অহা ৯ জানুৱাৰী, ২০২৩ লৈ অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত থকা তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ প্রদর্শনী কক্ষত আজিৰে পৰা ‘অন্তৰংগ আলাপ’ শীর্ষক এক অনুষ্ঠান আৰম্ভ কৰা হৈছে। ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া এই ‘অন্তৰংগ আলাপ’অনুষ্ঠানটোৰ প্ৰথম দিনৰ বিষয় আছিল ‘অসমৰ চলচ্চিত্ৰ উদ্যোগ : প্ৰাপ্তি আৰু প্ৰত্যাহ্বান’। এই অনুষ্ঠানত মূল অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট চলচ্চিত্র নির্মাতা তথা সমালোচক উৎপল বৰপূজাৰী, বিশিষ্ট ছবি নিৰ্মাতা ৰাজেশ ভূঞা আৰু উদীয়মান ছবি নিৰ্মাতা, কবি তথা অভিনেতা হিমাংশু প্রসাদ দাস। অসমীয়া ছবি জগতখনে সাম্প্রতিক সময়ত সন্মুখীন হৈ অহা প্ৰাপ্তি তথা প্ৰত্যাহ্বানৰ এক বিশ্লেষনাত্মক আলোচনা দাঙি ধৰে আটাইকেইজন বক্তাই। তেওঁলোকে কয় যে যোৱা কিছু বছৰৰ পৰা অসমীয়া চলচ্চিত্র জগতে কেইবাখনো ভাল ছবি উপহাৰ দিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত ব্যৱসায়িক দৃষ্টিভংগীৰে কলাসূলভ ভাবে নিৰ্মাণ কৰা কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিছে। একেদৰে অসমীয়া চলচ্চিত্র উদ্যোগে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহ বিশেষকৈ প্রযুক্তিগতভাৱে কিছু পৰিমাণে পিছ পৰি থকা তথা প্ৰয়োজনীয় বাজেটৰ অভাৱ আদি দিশসমূহতো তেওঁলোকে আলোকপাত কৰে। অনুষ্ঠানটোত আঁত ধৰে জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া শিখা শ‍ইকীয়াই।