অসম গ্ৰন্থমেলাই কঢ়িয়াই আনক ইতিবাচক সংকেত  – দেবর্ষি গৌতম

Pc Ukhrul Times

অসম গ্ৰন্থমেলাই কঢ়িয়াই আনক ইতিবাচক সংকেত  

অসম অভিযান্ত্ৰিক খেলপথাৰত ২৯ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱা  অসম গ্ৰন্থমেলাই অসমৰ লেখক সকলৰ লগতে গ্ৰন্থ প্ৰকাশন গোষ্ঠী, গ্ৰন্থ বিক্রেতা আৰু পঢ়ুৱৈ সমাজলৈও এক ইতিবাচক বাৰ্তা লৈ আহক আৰু নতুন বছৰটোৰ এক সুন্দৰ আৰম্ভণি হওক। অসমীয়া সাহিত্যিক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা ন-পুৰণি লেখক-লেখিকা আৰু সাহিত্যিক সকলক তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ পঢ়ুৱৈ সমাজে অনুপ্ৰেৰণা যোগোৱাটো অতিকৈ জৰুৰী। এখন গ্ৰন্থই যদি পঢ়ুৱৈ সমাজৰ পৰা সমাদৰ লাভ কৰে তেতিয়াহে এগৰাকী লেখক-লেখিকাই পুনৰ অন্য সৃষ্টিৰাজিৰ মাজলৈ যাবলৈ সাহস গোটাব পাৰে। পাঠক সকলৰ পৰা পোৱা সহাৰিয়ে লেখক-লেখিকা সকলৰ মূল সঞ্জীৱনী শক্তি। অসমীয়া সাহিত্যিক জীয়াই ৰখাৰ স্বাৰ্থত যদি আমি প্ৰতিগৰাকী অসমীয়াই অসম গ্ৰন্থমেলাৰ  বাকৰিৰ পৰাই পণ লওঁ যে আমি অসমীয়া গ্ৰন্থ পঢ়িম আৰু সকলোকে পঢ়িবলৈ পৰামৰ্শ আগবঢ়াম তেনেহলে হয়তো আগন্তক দিনত আমি অসমীয়া সাহিত্যক জীয়াই ৰখাৰ বাবে আৰু চিন্তা কৰিব লগীয়া নহব। অসম গ্ৰন্থমেলাৰ বাকৰি হওক লেখক-লেখিকা, প্ৰকাশক গোষ্ঠী আৰু বিক্রেতা সকলৰ এক মিলনভূমি। আৰম্ভণি হওক অসমীয়া গ্ৰন্থ পঢ়াৰ এক ইতিবাচক আন্দোলনৰ। কেৱল লেখক-লেখিকা নাইবা সাহিত্যিক সকলে যে অসমীয়া সাহিত্যক জীয়াই ৰাখিব নোৱাৰে সেই কথা যেতিয়া পঢ়ুৱৈ বা পাঠক সকলে ভালদৰে উপলব্ধি কৰিব পাৰিব তেতিয়াহে হয়তো অসমীয়া সাহিত্যৰ এক নতুন যুগৰ সূচনা হব। নতুন বছৰে কঢ়িয়াই লৈ আনক অসমীয়া সাহিত্যৰ এক আধুনিক যুগ। আৰম্ভণি হওক অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্ৰাৰ।

                       দেবর্ষি গৌতম
                   বনগাঁও