অসম আৰক্ষীৰ ২২ বিষয়া জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট-উত্তম সেৱা পদক
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰত্যেক বছৰৰ দৰে এইবাৰো সেৱাত উল্লেখনীয় অৱদান আৰু সম্পদ-কৰ্তব্যৰ প্রতি দেখুওৱা নিষ্ঠাৰ বাবে অসম আৰক্ষী, গৃহৰক্ষী-অসামৰিক প্ৰতিৰক্ষা আৰু অগ্নিনির্বাপক বাহিনীৰ মুঠ ২২ বিষয়া- জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট- উত্তম সেৱা পদক আগবঢ়োৱা হৈছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে পদক প্রাপকসকলৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে অসম আৰক্ষীত উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ৰত্না সিঙে। গৃহৰক্ষী-অসামৰিক প্ৰতিৰক্ষা শিতানত অনুৰূপ পদক লাভ কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ ষ্টাফ বিষয়া জ্যোতি বৰাই। আনহাতে উত্তম সেৱা পদক অর্জন কৰিছে অসমৰ আৰক্ষীৰ ১৩জন, অগ্নিনির্বাপক বাহিনীৰ ৪জন আৰু গৃহৰক্ষী- অসামৰিক প্ৰতিৰক্ষাৰ ৩জন বিষয়া জোৱানে। উত্তম সেৱা পদক অর্জন কৰা অসম আৰক্ষীৰ বিষয়া-জোৱানসকল হ’ল- উপ-মহাপৰিদৰ্শক বিজয় গিৰি কুলিগ্রাম, আৰক্ষী অধীক্ষক মিহিৰ জিৎ গায়ন, ৰঞ্জন ভূঞা, সিংহৰাম মিলি, পৰিদৰ্শক মনোজ কুমাৰ সিং, উপ- পৰিদৰ্শক ত্রৈলোক্য শর্মা, বিপুল শইকীয়া, সহঃ উপ-পৰিদৰ্শক কামিনী ডেকা, নায়ক বিজু লহকৰ, প্ৰফুল্ল ডেকা, শৈলেন কাকতি, কান্ত সিংহ আৰু ইনামূল হক। একেদৰে অগ্নিনির্বাপক সেৱাত এই পদক লাভ কৰিছে লিডিং ফায়াৰমেন তাৰিণী বৰ্মন, উপ-বিষয়া পুলক ঠাকুৰীয়া, গাড়ী চালক দীপক কুমাৰ শৰ্মা আৰু মহাদেৱ বড়ো। গৃহৰক্ষী- অসামৰিক প্ৰতিৰক্ষাত উত্তম সেৱাৰ বাবে অনুৰূপ পদক অর্জন কৰিছে প্লাটুন কমাণ্ডৰ ডিম্বেশ্বৰ লাহন, চুবেদাৰ জয়নাল আবেদিন আৰু নায়ক ছানছুমা বসুমতাৰীয়ে। মন কৰিবলগীয়া যে এইবাৰ সাহসিকতাৰ বাবে অসমৰ পৰা কোনেও পদক অর্জন কৰিব পৰা নাই। উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে দেশৰ তথা ৰাজ্যৰ বিভিন্ন অসামৰিক নিৰাপত্তা বাহিনীৰ মুঠ ১,০৩৭জন বিষয়া-জোৱানক বিভিন্ন শিতানত পদক প্রদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে।উল্লেখ্য যে পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে ৷