অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰেঃ অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত

pc The Janambhumi

অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰেঃ অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰিছে। শ্ৰী মহন্তই মৈত্ৰী আঁচনিৰ অধীনত গোৱালপাৰা জিলাত নৱনিৰ্মিত লক্ষীপুৰ থানাৰ গৃহ উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আৰক্ষীয়ে সদায় ৰাইজৰ নিৰাপত্তাৰ হকে কাম কৰি আহিছে। সৎ লোকৰ ক্ষেত্ৰত আৰক্ষীয়ে বন্ধুৰ ভূমিকা পালন কৰাৰ বিপৰীতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। মৈত্রী আঁচনিৰ অধীনত এতিয়ালৈ ৭২ খন থানাৰ গৃহ নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এই বছৰটোৰ ভিতৰত ৰাজ্যৰ সকলো থানাই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ’ব বুলি আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে প্ৰকাশ কৰিছে।