অসমৰ সংসদীয় ইতিহাসত অতি লজ্জাজনক আচৰণ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে: আপ

অসমৰ সংসদীয় ইতিহাসত অতি লজ্জাজনক আচৰণ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে: আপ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত শাসক দলৰ এজন বিধায়কে৷ বিৰোধী দলৰ এজন বিধায়কক অসংবিধানিক শব্দ ব্যৱহাৰ কৰি মাৰিবলৈ খেদি অহাটো অতি লজ্জাজনক তথা উদ্বেগজনক বুলি অভিহিত কৰিছে আম আদমি পার্টীয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সদনত উপাধ্যক্ষৰ ভূমিকাক লৈ প্রশ্ন উত্থাপন কৰি কয় যে সদনত উপাধ্যক্ষ সদায় নিৰপেক্ষ হ’ব লাগে। সন্মানীয় অধ্যক্ষই ৰূপজ্যোতি কুর্মীক অনতিপলমে বিধানসভা মজিয়াৰ পৰা বহিস্কাৰ কৰিব লাগিছিল। বিৰোধীদলৰ হোৱাহেতেন লগে লগে বহিস্কাৰ কৰিলহেতেন। আম আদমি পার্টীয়ে মুখ্যমন্ত্রীক এই বিষয়ত কোনো ৰাজনীতি নকৰি বা দল বা বিৰোধী কোনো হিচাপ নকৰি এক উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়, নহ’লে পবিত্ৰ সদনৰ গৰিমা একো নাথাকিব বুলি উল্লেখ কৰে।