‘অসমৰ শিপিনী নহয়, গুজৰাটৰ ব্যৱসায়ীৰ প্ৰতিহে দায়ৱদ্ধ অসম চৰকাৰ’

‘অসমৰ শিপিনী নহয়, গুজৰাটৰ ব্যৱসায়ীৰ প্ৰতিহে দায়ৱদ্ধ অসম চৰকাৰ’

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত পাৱাৰলুমৰ গামোচা নিষিদ্ধ কৰি জব্দ কৰাৰ কথা ঘোষণা কৰি এতিয়ালৈকে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ।অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এক বিবৃতিত কয়,’অসম চৰকাৰে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাই সেইবোৰ জব্দ কৰিব বুলি ঘোষণা কৰি মূৰকত থমকি ৰোৱা আমি লক্ষ্য কৰিছো। চৰকাৰৰ ঘোষণাত আমি ভালপাইছিলো। ভাৱিছিলো এই অভিযানৰ দ্বাৰা অসমৰ থলুৱা শিপিনীসকল উপকৃত হ’ব। কিন্তু অভিযান আৰম্ভ কৰিয়েই তেওঁলোক থমকি ৰোৱা আমি লক্ষ্য কৰিছো। আমি জানিব পৰা মতে ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দোকানত হাজাৰ কোটিৰ পাৱাৰলুমৰ গামোচা মজুত হৈ আছে। মূলত: গুজৰাটৰ চুৰাটৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত আঘাত নকৰাৰ স্বাৰ্থতে অসম চৰকাৰে বন্ধ কৰি ৰাখিছে অভিযান। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰাজ্যৰ ব্যৱসায়ীৰ স্বাৰ্থকহে অগ্ৰাধিকাৰ দিয়ে অসম চৰকাৰে। অসমৰ শিপিনীৰ প্ৰতি কোনো গুৰুত্ব নাই তেওঁলোকৰ। অসম চৰকাৰ কেৱল চমক সৃষ্টিতহে ব্যস্ত। মুখত তেওঁলোকে অসমৰ শিপিনীৰ কথা কয় আৰু কাম কাজত তেওঁলোকৰ বহি:ৰাজ্যৰ ব্যৱসায়ীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ অভিসন্ধি। আমি চৰকাৰক দাবী জনাইছো যদি অসমৰ শিপিনীৰ প্ৰতি তেওঁলোকৰ দায়ৱদ্ধতা আছে তেন্তে পাৱাৰলুমৰ গামোচাসমূহ জব্দ কৰি দেখুৱাওক।’