অসমৰ শতাধিক মহাবিদ্যালয়ত নৱাগত ছাত্ৰ ছাত্ৰী সকলক এবিভিপিৰ আদৰণি

অসমৰ শতাধিক মহাবিদ্যালয়ত নৱাগত ছাত্ৰ ছাত্ৰী সকলক এবিভিপিৰ আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- কলেজীয়া জীৱন সকলোৰে বাবে বিশেষ আৰু স্মৰণীয়। এই স্মৰণীয় শৈক্ষিক জীৱন আৰম্ভণীতেই  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কাৰ্যকৰ্তা সকলে নিজৰ নিজৰ মহাবিদ্যালয়ত নৱাগত সকলক আদৰণি জনায়। উচ্চ শিক্ষাৰ জীৱনৰ সকলোতকৈ বিশেষ দিনটোত প্ৰতিখন কলেজত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যাকৰ্তা নিজৰ নিজৰ নৱাগত সকলক ফুল, তিলক , বিভিন্ন উপহাৰ আদিৰে আদৰা কাৰ্যই ছাত্ৰ ছাত্ৰী সকলৰ মাজত সু সম্পৰ্কৰ ভাৱৰ জন্ম দিয়ে আৰু নতুনকৈ কলেজীয়া জীৱনৰ আৰম্ভনি কৰা ছাত্ৰ ছাত্ৰী সকলেও নিজৰ জ্যেষ্ঠ জনৰ পৰা পোৱা এই আদৰে নতুন জীৱনটোৰ বাবে উৎসাহিত কৰে।আজি অসমৰ প্ৰায় সকলো জিলাৰেই প্ৰমূখ মহাবিদ্যালয়ৰ কেম্পাচ সমূহ নৱাগত সকলক আদৰণি জনোৱা হয়।ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, গুৱাহাটী মহাবিদ্যালয়,আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, লামডিং মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, ওৱেষ্ট গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, কে চি দাস কমাৰ্চ কলেজ, ভোলানাথ মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়, ধমধমা মহাবিদ্যালয়, বিশ্বনাথ মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়কে আদি কৰি বিভিন্ন মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে নৱাগত ছাত্ৰ ছাত্ৰী সকলক উলহ মালহেৰে নিজৰ নিজৰ মহাবিদ্যালয়লৈ আদৰণি জনায়।নৱাগত ছাত্ৰ ছাত্ৰী সকলক নিজৰ কলেজীয়া জীৱনৰ আৰম্ভনিত শুভেচ্ছা প্ৰদান কৰি আজি এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে ” উচ্চ শিক্ষাৰ এক সপোন বুকুত বান্ধি অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ কেম্পাচ প্ৰবেশ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনৰ আশা সমূহে সেই মহাবিদ্যালয়ৰ কেম্পাটিতেই পূৰ্ণতা লাভ কৰক। ইয়াৰ লগতে সম্পাদক গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যত সময়ত নিজৰ নিজৰ মহাবিদ্যালয়, সমাজ আৰু দেশ খনৰ হকে কাম কৰি যাবলৈও আহ্বান জনায়।