অনলাইন বাৰ্ত্তাসেৱা – ২৪ জুন, বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সমাজ কল্যাণ আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগক মাতৃ বৃদ্ধাশ্ৰমৰ সহ-প্ৰতিষ্ঠাপকসকলৰ মাজৰ বিবাদৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটীৰ হাতীগাওঁত অৱস্থিত বৃদ্ধ লোকসকলৰ বাবে এন.জি.অ’.ৰ দ্বাৰা পৰিচালিত এই বৃদ্ধাশ্ৰমটো ২০১২ চনত উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাই প্ৰতিষ্ঠা কৰিছিল। যোৱা কেইবাদিনো ধৰি দুয়োজনৰ ৰাজহুৱা বিবাদে ৰাজ্যজুৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, মুখ্যমন্ত্ৰী শৰ্মাই সমাজ কল্যাণ মন্ত্ৰী আৰু কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত (ডিচি) বিশ্বজিৎ পেগুক এন.জি.অ’.টোত বিত্তীয় জালিয়াতিৰ অভিযোগৰ তদন্ত কৰিবলৈ কয়। মুখ্যমন্ত্ৰীয়ে ডি.চি.ক ৭২ ঘণ্টাৰ ভিতৰত বিষয়টোৰ ওপৰত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
অসমৰ মুখ্যমন্ত্ৰীয়ে মাদাৰ বৃদ্ধাৱাসবিবাদৰ তদন্ত কৰিবলৈ নিৰ্দশ দিয়ে অজন্তা নেওগক
