অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মহামান্য ৰাজ্যপাল মহোদয়লৈ গণিত আৰু বিজ্ঞানৰ মাধ্যমৰ কথালৈ উত্তৰ আমেৰিকাৰ প্ৰবাসী অসমীয়াৰ আবেদন প্ৰেৰণ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মহামান্য ৰাজ্যপাল মহোদয়লৈ গণিত আৰু বিজ্ঞানৰ মাধ্যমৰ কথালৈ উত্তৰ আমেৰিকাৰ প্ৰবাসী অসমীয়াৰ আবেদন প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে অসম চৰকাৰৰ মন্ত্ৰীসভাৰ চৰকাৰী বিদ্যালয়বোৰত তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমেৰে শিক্ষাদানৰ সিদ্ধান্তৰ বিষয়ে উত্তৰ আমেৰিকাৰ প্ৰবাসী অসমীয়া সমাজৰ মতামত আৰু আবেদন যুটীয়াভাৱে ইমেইল যোগে প্ৰেৰণ কৰে ৮ আগষ্ট তাৰিখে দুটা মুখ্য সংগঠনৰ সভানেত্ৰী দুগৰাকীয়ে: অসম সাহিত্য সভা উত্তৰ আমেৰিকা (ASSNA)ৰ‌ সভানেত্ৰী চৈয়দা জেবীন‌ চাবীৰা শ্বাহ আৰু অসম এছ’ছিয়েশ্বন নৰ্থ আমেৰিকা (AANA) ৰ সভানেত্ৰী, শ্ৰীমতী পল্লবীতা ভূঞা। “আজাদীৰ অমৃত মহোৎসৱৰ” বছৰত উষ্ম সম্ভাষণ জনাই অসম আৰু ভাৰতৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰি তেওঁলোকে ওপৰোক্ত সন্দৰ্ভত জনা‌ই যে এই আবেদনত চহী কৰা উত্তৰ আমেৰিকা নিবাসী প্ৰবাসী অসমীয়া সকলৰ বহুতেই দশম বা একাদশ শ্ৰেণীলৈ অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী বিদ্যালয়ৰ পৰা অসমীয়া মাধ্যমতেই শিক্ষা গ্ৰহণ কৰি শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আহি, ভাৰতৰ আৰু বিদেশৰ বিভিন্ন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ পৰা সফলভাবে শিক্ষা সম্পূৰ্ণ কৰি আজি নিজৰ নিজৰ জীৱনত সুপ্ৰতিষ্ঠিত। অসমীয়া মাধ্যমটো এই গোটৰ কোনো এজনৰে নিজৰ লক্ষ্যত উপনীত হোৱাত কেতিয়াও বাধা হোৱা নাই। এই চিঠিৰ চহীকৰ্ত্তাসকল অসমৰ বিভিন্ন চহৰ, নগৰ, গাঁও-ভুঁইৰ বিভিন্ন সামাজিক স্তৰৰ পৰা আহি, আজি এই স্থানত উপনীত হৈছে। অসমীয়া ভাষা কেতিয়াও কাৰো বাবে উচ্চশিক্ষাৰ পথত হেঙাৰ হোৱা নাই, বৰঞ্চ আই মাতৃৰ নাম উজলাবলৈ অসমীয়া ভাষাই সদায় উদগনিহে দি আহিছে। তেওঁলোকে অসমৰ প্ৰথম পশ্চিমীয়া শিক্ষাৰ বিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ইতিহাসৰ বিষয়ে মনত পেলাই দি উল্লেখ কৰে, কিদৰে‌ সেই বিদ্যালয়ৰ ন-পুৰণি সকলো ছাত্ৰ‌ই নিজৰে এজনক আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত দেখি নিশ্চয় অতিশয় গৌৰৱান্বিত। সেইখন বিদ্যালয়ৰ সোণালী যুগত অসমৰ কোনো এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ে শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সেই ঐতিহ্যমণ্ডিত অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ লগত ফেৰ মাৰিব পৰা নাছিল। এই এটা উদাহৰণেই প্ৰমাণ কৰিব পাৰে যে মাতৃভাষাত শিক্ষাদান উচ্চশিক্ষাৰ বাটত হেঙাৰ হ’ব নোৱাৰে।  যি সময়ত চৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় বিলাকৰ ঘৰত অসমীয়া ভাষাতেই ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়াব পৰা লোকৰ অভাৱ, তেনে সময়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ দৰে ইমান গুৰুত্বপূৰ্ণ জৰুৰী বিষয় দুটা ইংৰাজীত শিকাবলৈ লোৱা সিদ্ধান্তটোৱে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে বহু বেছি। তেওঁলোকে এই বিষয়ে ইউনেস্কোৰ (UNESCO) অতি স্পষ্ট মতামত দোঁহাৰে: বিজ্ঞান শিক্ষা মাতৃভাষাত দিলেহে ছাত্ৰ-ছাত্ৰী উপকৃত হয়।  আবেদনত ব্যক্ত কৰে যে চৰকাৰী বিদ্যালয়ৰ সকলো স্তৰত উপযুক্ত ভাষা শিক্ষকৰ নিযুক্তি দি, ইংৰাজী এটা জৰুৰী বিষয় হিচাপে শিক্ষাদানত কোনো দ্বিমত থাকিব নোৱাৰে। কিন্তু বৰ্ত্তমান অৱস্থাৰ‌ পৰিপ্ৰেক্ষিতত সকলো দিশৰ পৰা চালি-জাৰি চাই, তেওঁলোকৰ দৃঢ়মত প্ৰকাশ কৰি আবেদন কৰে যাতে চৰকাৰে অনতিপলমে অসমৰ চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমেৰে গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষাদানৰ সিদ্ধান্ত পৰিহাৰ কৰে, আৰু চৰকাৰী বিদ্যালয়বোৰত উপযুক্ত পৰিমাণে প্ৰশিক্ষিত ইংৰাজী ভাষাৰ বিষয় শিক্ষককহে যেন নিযুক্তি দিয়ে। তেওঁলোকে আশাকৰে‌ যে এই অতি গুৰুত্বপূৰ্ণ বিষয়টোৰ উচিত মীমাংসা কৰি অসমৰ উঠি অহা প্ৰজন্মৰ উজ্বল ভৱিষ্যত গঢ়াত মহৎ অৰিহণা যোগায়।