অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ পঠিওৱা হোৱা নাই-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ পঠিওৱা হোৱা নাই-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  আম্বানীৰ গুজৰাটৰ জামনগৰৰ বনতাৰা চিৰিয়াখানালৈ অসমৰ মাজেৰে ২৩ খনকৈ এনিমেল এম্বুলেন্সত হাতী কঢ়িয়াই লৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰতিক্ৰিয়াৰ মাজতে অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ পঠিওৱা হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰিছে।সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে একাংশ লোকে সামাজিক মাধ্যমত অসমৰ পৰা হাতী লৈ যোৱা বুলি কৰা মন্তব্য অযুক্তিকৰ আৰু মিছা বুলিও অভিহিত কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কয়- ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই। অসমক এনে কাৰ্যকলাপৰ সৈতে যুক্ত কৰি প্ৰকাশিত কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ প’ষ্ট সম্পূর্ণ অযুক্তিকৰ আৰু মিছা। উল্লেখ্য যে বিশেষ এনিমেল এম্বুলেঞ্চৰ সহায়ত অসমৰ মাজেৰে কুৰিটাতকৈও অধিক হাতী জামনগৰত থকা বনতৰালৈ লৈ যোৱা হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লাথাউ নামৰ অঞ্চলৰ পৰা এম্বুলেঞ্চৰ সহায়ত এই হাতীসমূহ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে জামনগৰলৈ লৈ যোৱা হয়। অৰুণাচলৰ পৰা তেজপুৰ হৈ নগাঁৱেৰে আহি গুৱাহাটীৰ মাজেৰে হাতী কঢ়িয়াই লৈ যোৱা এনিমেল এম্বুলেঞ্চসমূহৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে প্রকৃতিপ্রেমীৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই অসমৰ পৰা এনেদৰে হাতী লৈ যোৱা কাৰ্য বন্ধ কৰিব লাগে বুলিও মন্তব্য কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰে যে অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই।