অসমৰ নাম উজ্বলালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীনেশ গোৱালাই

অসমৰ নাম উজ্বলালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীনেশ গোৱালাই

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি UnityinCreativity প্ৰতিযোগিতাত গুৱাহাটীৰ নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত দীনেশ গোৱালাই lori writing(নিচুকনি গীত লিখা প্ৰতিযোগিতা) শিতানত ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে এই প্ৰতিয়োগিতাখনিতে তেওঁ ৰাজ্যিক তথা জিলা পৰ্যায়ত প্ৰথম স্থান লাভ কৰে৷ এই প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীৰ নেহেৰু পাৰ্কত অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানতে সাংস্কৃতিক মন্ত্ৰাণালয়ৰ মীনাক্ষী লেখি(Meenakashi Lekhi, Minister of State for External Affairs)য়ে ৰাজ্যিক পৰ্যায়ৰ আৰু অৰ্জুন ৰাম মেঘৱালে ( Arjun Ram Meghwal ,Minister of state for Culture of India) ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাটি প্ৰদান কৰে৷ অসমীয়া ভাষাত লিখা স্থান প্ৰাপ্ত নিচুকনি গীতটোক সংগীত নাটক একাডেমীৰ সৌজন্যত নৃত্য-গীতৰ আধাৰত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাটোত আছে পাঁচলাখ টকা লগতে স্মাৰক-পত্ৰ ৷ উল্লেখযোগ্য যে সাংস্কৃতিক মন্ত্ৰণালয়ে তিনিটা শিতানত আয়োজন কৰা এই unityincreativity প্ৰতিযোগিতাখনত দেশৰ প্ৰায় পাঁচ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ আৰু তাৰ ভিতৰত ১৬ গৰাকী প্ৰতিয়োগিয়ে ৰাষ্ট্ৰীয় পৰ্যাত স্থান পাবলৈ সক্ষম হয়৷