অসমৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

অসমৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উপ নিৰ্বাচনৰ তিনি বিধানসভা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে।  বিজেপিৰ কেন্দ্রীয় কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিবৃতি অনুসৰি অসমৰ তিনি সমষ্টি ক্রমে ধলাইত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰা হয়। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিহাৰত হ’বলগা দুই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কাৰণে ক্রমে তৰাৰী সমষ্টিৰ বাবে বিশাল প্রশান্ত আৰু ৰামগড় সমষ্টিৰ বাবে অশোক কুমাৰ সিন্‌হাক প্রার্থিত্ব প্ৰদান কৰিছে। একেদৰে কেৰালাৰ বাইনাড সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নব্যা হৰিদাসক প্রার্থিত্ব প্রদান কৰিছে। মন কৰিবলগীয়া যে অসমৰ ৫টা সমষ্টিত হ’বলগা উপ-নিৰ্বাচনৰ বাবে চিদলী আৰু বঙাইগাঁও মিত্রদল ইউপিপিএল আৰু অগপক এৰি বিজেপিয়ে চামগুৰি, ধলাই আৰু বিহালীত প্রতিদ্বন্দ্বিতা কৰিব। এই তিনি সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে ধলাই আৰু বিহালী সমষ্টিৰ বাবে তিনিজনীয়া পেনেল প্ৰস্তুত কৰাৰ বিপৰীতে চামগুৰি সমষ্টিৰ বাবে দুজনীয়া পেনেল প্ৰস্তুত কৰিছিল। যোৱা ১৩ অক্টোবৰত দলৰ ৰাজ্যিক নির্বাচনী সমিতিয়ে তিনি সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল কেন্দ্রীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল। দলৰ কেন্দ্রীয় নির্বাচনী সমিতিয়ে এই পেনেলৰ পৰাই তিনিটা সমষ্টিৰ বাবে প্রার্থী চূড়ান্ত কৰে।ইতিমধ্যে তিনিওটা সমষ্টিৰ বাবে বিজেপিয়ে কেইবাজনো জ্যেষ্ঠ নেতাক দায়িত্ব অৰ্পণ কৰিছে। বিহালী সমষ্টিৰ নিৰ্বাচনী কাম-কাজ তদাৰক কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া তিনিটা সমষ্টিৰ লগতে মিত্ৰদলৰ দুই সমষ্টিক লৈও ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰা হৈছে। প্ৰতিটো সমষ্টিৰ নিৰ্বাচনী দায়িত্ব এজনকৈ মন্ত্রী, দুজনকে বিধায়ক আৰু এজন জ্যেষ্ঠ নেতাক অর্পণ কৰা হৈছে। ইতিমধ্যে প্রস্তুত কৰা হৈছে দলৰ এশ শতাংশ ৰণকৌশল। উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবেও ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে প্রস্তুত কৰিছে তালিকা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিজন মন্ত্ৰী আৰু জ্যেষ্ঠ নেতাই নির্বাচনী প্ৰচাৰ অভিযান চলাব। অৱশ্যে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে মুখ্যমন্ত্রী ড° শৰ্মাই ৫ সমষ্টিত মাত্র এখনকৈহে নির্বাচনী সভাত অংশগ্ৰহণৰ সম্ভাৱনা আছে। ঝাৰখণ্ডৰ প্ৰভাৰীৰ দায়িত্বত থকা হেতুকে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-নির্বাচনৰ প্ৰচাৰ অভিযানত অতিৰিক্ত সময় দিব নোৱাৰিব বুলিও সদৰী কৰিছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।