অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক CRPFৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক CRPFৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ । ২০২৫ চনৰ ১৮ জানুৱাৰীত দিয়া আনুষ্ঠানিক আদেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে এই সিদ্ধান্তত অনুমোদন জনাইছে । উল্লেখ্য যে, জি পি সিঙে যেতিয়াৰ পৰা CRPF ৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব তেতিয়া পৰা এই নিযুক্তি কাৰ্যকৰী হ’ব ।২০২৩ৰ ৩১ জানুৱাৰীত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিঙে অসম আৰক্ষীত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে । উত্তৰ-পূব অঞ্চলৰ জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰো অভিজ্ঞতা আছে জি পি সিঙৰ । অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে এই নতুন দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে । CRPF হৈছে ভাৰতৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী । এই বাহিনীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাৰ লগতে বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দৃষ্টিকোণৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য প্ৰান্তত বিদ্ৰোহ আৰু আইন-শৃংখলাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বহু অভিজ্ঞতা আছে জি পি সিঙৰ । গতিকে কৌশলগত পদক্ষেপৰ অংশ হিচাপে জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া বুলি ধাৰণা কৰিব পাৰি।যোৱা ৬ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিলৈ CRPF ৰ সঞ্চালক প্ৰধান হিচাপে জি পি সিঙক নিযুক্তিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইমৰ্মে কেবিনেটৰ নিযুক্তি সমিতিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাই জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে ২০২৭ বৰ্ষৰ ৩০ নৱেম্বৰলৈকে চাকৰিকাল আছে সুদক্ষ আৰু মেধা আইপিএছ বিষয়া বুলি নাম থকা জি পি সিঙৰ ।১৮ জানুৱাৰীত কেন্দ্ৰীয় ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিৰ সচিব সাক্ষী মিট্টালে জাৰি কৰা জাননীখনত কোৱা হৈছে, ‘‘কেবিনেটৰ নিযুক্তি সমিতিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত শ্ৰী জি পি সিং, আই পি এছ (এ এম:১৯৯১)ক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ দৰমহা মেট্ৰিক্সৰ স্তৰ-১৬ত অনুমোদন জনাইছে ৷’’ চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ভিতুল কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে ।