অসমীয়া সমাজ , শালিনতাবোধ আৰু হাফপেন্টৰ কাহিনী- ফখৰুদ্দিন আহমেদ

pc- istock

অসমীয়া সমাজ , শালিনতাবোধ আৰু হাফপেন্টৰ কাহিনী

ফখৰুদ্দিন আহমেদ

সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেবৰ ৰচনাত শালিনতা আৰু ৰুচিৰ সম্পৰ্কত অধ্যয়ন কৰাৰ সুযোগ পাইছিলো। তাতে তেখেতে উল্লেখ কৰিছিল যে বোৱাৰীয়েক বোৰে বৰজনা বা শহুৰেকে শুনাকৈ কথা কোৱা বা হাঁহি মৰা সেই সময়ত নিয়মৰ বাহিৰত আছিল। বোৱাৰী যদি সেই সকলৰ সমূখত ওলাব লাগে তেনেহ’লে দীঘলকৈ ওৰনি টানিহে আহিব লাগিছিল। অৱশ্যে এয়া হৈছে অসমৰ পৰম্পৰা আৰু সংস্কৃতিৰ অন্তৰ্গত।

সাম্প্ৰতিক সময়ৰ দৃষ্টিভংগী ওপৰোক্ত কাৰ্যক কি আখ্যা দিয়া হ’ব পাৰে সেয়া সকলোৰে অবগত। মন কৰিবলগা কথাটো হ’ল সাম্প্ৰতিক সময়লৈ অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিৰ পৰম্পৰাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অবদানক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিৰ জগতত একেধাৰে কবি , গল্পকাৰ , ঔপন্যাসিক , ব্যংগ লেখক , নাট্যকাৰ , আলোচনী সম্পাদক , সাহিত্য সমালোচক , আধ্যাত্মিক গ্ৰন্থ প্ৰনেতা , অসম সাহিত্য সভাৰ সভাপতি , অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তীৰ অন্যতম , ঐতিহাসিক জোনাকী আলোচনীৰ সম্পাদক , কলকাতাৰ অসমীয়া ছাত্ৰ সমাজৰ চাহ মেলৰ প্ৰতিষ্ঠাপক , অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক উদ্যোক্তা , ৰাষ্ট্ৰীয় সংগীতৰ ৰচক আৰু সাহিত্যত নবেল বঁটা প্ৰাপক বিশ্ব কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ বংশৰ লগত বৈবাহিক সম্পৰ্কৰে সম্পৰ্কিত , অসমৰ জাতীয় সংগীতৰ ৰচক আৰু এগৰাকী অন্যতম সফল ব্যবসায়ী বুলি নিজৰ জীৱনত বাৰুকৈয়ে স্বীকৃত হৈছিল। তেখেত সকলে নিজৰ জীৱন কালত ওপৰোক্ত বিষয়বোৰ সম্পৰ্কত কৃচ্ছ সাধনাৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰম্পৰাগত অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিৰ ওপৰতো চোকা নজৰ ৰাখিছিল। অসমীয়া সাহিত্যত চুটি গল্পৰ জন্মদাঁতা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প সমূহত নাৰী সমাজৰ বিভিন্ন সমস্যা আৰু অধিকাৰ সম্পৰ্কত তেখেতক সৰব হোৱা পৰিলক্ষিত হৈছিল। কিন্তু সেই নাৰী চৰিত্ৰ সমূহক শালীনতা সৰ্বস্ব কৰিহে তেখেতে ৰূপায়িত কৰিছিল।

অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ অবদানেৰে এটি যুগৰ সৃষ্টি কৰা দিনবোৰতেই অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিত পাশ্চাত্যৰ প্ৰভাব পৰিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ অসমীয়া সাহিত্যত নতুনকৈ ৰমন্যাসবাদী ধাৰাৰ আৰম্ভ হৈছিল আৰু অসমৰ কবি , সাহিত্যিক সকলে নব ৰমন্যাসবাদী ধাৰাক নিজৰ সৃষ্টিৰে সমৃদ্ধ কৰিছিল।

অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে সেই সময়ত সমাজ ব্যবস্থা অলপ কঠোৰ আছিল।

সাম্প্ৰতিক সময়ত অসমৰ নগৰ , চহৰবোৰত দেখা পোচাক সম্পৰ্কীত সুলভ দৃশ্যটি হৈছে যুবক-যুবতী সকলে টি চাৰ্ট আৰু হাফপেন্ট পিন্ধে। বিশেষভাবে জনজাতি যুবক-যুবতী সকলে বেছিকৈ পিন্ধে। আন কিছুমান যুবক-যুবতীয়ে অৱশ্যে লং পেন্টেই পিন্ধে কিন্তু উক্ত লং পেন্টটো সমূখৰ ফালে আঠুৰ ওপৰৰ পৰা ফটা । পুৰনা নহয় সেয়া নব্য আধুনিকতাৰ প্ৰভাব। উল্লেখ নকৰিলে নহয় যে কিছুমান যুবতীয়ে প্ৰায় এনে পোচাক পিন্ধে যি পোচাকত কোনো কাৰনতে শালিনতা ৰক্ষা নহয়।

 বহুত কাৰনৰ ভিতৰত পোচাক সম্পৰ্কীয় কাৰনতো ধৰ্ষনৰ দৰে জঘন্য কাণ্ড সংঘটিত হয় ।পশ্চিমীয়া দেশবোৰৰ দৰে ভাৰতীয় তথা অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতিয়ে এনেবোৰ পোচাক-পৰিচ্ছদত কোনো কালে অনোমোদন দিয়া নাই আৰু ভবিষ্যতে নিদিয়ে। ভাৰতীয় আৰু অসমীয়া সাহিত্য , সভ্যতা আৰু সংস্কৃতি সৰ্বতোকাল সৌজন্যতা , সৌহাৰ্দতা আৰু শালিনতাবোধৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে। মুকলিমুৰীয়া যৌনতাৰ সমৰ্থন ভাৰতীয় আৰু অসমীয়া সংস্কৃতিত নাই বুলি ক’ব পাৰি।

চলিত বৰ্ষৰ চলিত চেপ্তেম্বৰ মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰে অসমত অনুষ্ঠিত কৃষি বিভাগৰ প্ৰবেশ পৰীক্ষাৰ তেজপুৰৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী যুবতী পৰীক্ষাৰ্থীক হাফপেন্ট পিন্ধি যোৱাৰ কাৰনে পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অবতীৰ্ন হ’বলৈ প্ৰথমে অনুমতি দিব বিচৰা নাছিল কিন্তু বিতৰ্কৰ যবনিকা পেলাই পৰীক্ষা কেন্দ্ৰৰ ব্যবস্থাপকে এখনি পৰ্দা মেৰিয়াই ল’বলৈ ব্যবস্থা কৰি পৰীক্ষাত অবতীৰ্ন হ’বলৈ সুযোগ প্ৰদান কৰে। এই লৈ চ’চিয়েল মেডিয়া কালিৰ পৰা তোলপাৰ হৈ আছে। কিছুমানে এয়া পৰীক্ষা কেন্দ্ৰৰ ব্যবস্থাপনা মহলৰ ” তালিবানী প্ৰক্ৰিয়া ” বুলিও মন্তব্য কৰিছে। লগতে যুবতী গৰাকী প্ৰবেশ পৰীক্ষাত অবতীৰ্ন হোৱাৰ প্ৰাক মুহূৰ্তত মানসিক নিৰ্যাতনৰ বলি হোৱা বুলিও বহুতে পৰীক্ষা কেন্দ্ৰৰ ব্যবস্থাপনা মহলৰ ওপৰত আইনগত ব্যবস্থাৰ দাবী উত্থাপন কৰিছে।

ব্যক্তিগত জীৱনত কোনো প্ৰশ্নৰ অবতাৰনা নোহোৱা কোনো বিষয় এটি সামাজিক ব্যবস্থাত অনুমোদিত নহ’বও পাৰে। যেনে কালিৰ পৰীক্ষা কেন্দ্ৰৰ ঘটনাটি। প্ৰকৃততে এয়া যুবতী গৰাকীৰ দোষ নহয় , দোষটি তেওঁৰ পিতৃ মাতৃ তথা অৰু অভিভাবকৰহে। এয়া সৌজন্যতা আৰু শালিনতাবোধৰ বিষয়। যুবতী গৰাকীয়ে কোৱাৰ দৰে এডমিট কাৰ্ডত পোচাক পৰিচ্ছদ সম্পৰ্কত যি দৰে কোনো নিৰ্দেশনা নাই ঠিক সেই দৰে আন বহুতো প্ৰয়োজনীয় বিষয়ৰো নিৰ্দেশনা এডমিট কাৰ্ডখনত দিয়া হোৱা নাই। এই সকলোবোৰৰে স্পষ্ট নিৰ্দেশনা বিস্তৃত ভাবে উল্লেখ কৰিব লাহিলে সেইখন এডমিট কাৰ্ড নহৈ আন কিবাহে হ’ব গৈ। বয়সন্ধি কালৰ দোমোজাত চলি থকা বয়সৰ যুবক উপস্থিত থকা পৰীক্ষা কেন্দ্ৰটিত কেনে ধৰনৰ পোচাক যুবতী গৰাকীয়ে পিন্ধি যোৱা উচিত উক্ত যুবতী গৰাকীৰ পিতৃ মাতৃয়ে জানিবলগাটো অতিকৈ আৱশ্যকীয় হোৱা উচিত আছিল। লগতে নিউজ পৰ্টেলৰ সাংবাদিক সকলৰ বাতৰিৰ ইতিবাচক তথা নেতিবাচক দিশৰ গুৰুত্বৰ বোধহীনতাৰ বাবে গুৰুত্ব নাপাবলগা বাতৰিৰ প্ৰচাৰে অসমৰ সমাজ জীৱনক বাৰুকৈয়ে ব্যতিব্যস্ত কৰি আহিছে। এই ক্ষেত্ৰতে অসম চৰকাৰে তাৎক্ষনিক ভাবে নিউজ পৰ্টেলৰ অবৈধ জগত খনিক নিয়ন্ত্ৰন কৰিব লাগে।নহ’লে অসমৰ সমাজ জীৱনক কেৱল টকা , ভিউজ , কমেন্ট আৰু শ্বেয়াৰ কাৰনেই দুৰাৰোগ্য ৰোগত অক্ৰান্ত কৰিব।

সাম্প্ৰতিক অসমত হিন্দু মুছলমান উভয় সমাজত কেৱল পোচাক পৰিচ্ছদতেই নহয় সকলো ক্ষেত্ৰতেই যুব উশৃংখলতাই ভয়াবহ ৰূপ ধাৰন কৰিছে। এয়া নতুনকৈ উল্লেখ কৰিবলগা কথা নহয়। এই ক্ষেত্ৰত অসম চৰকাৰে ড্ৰাগছৰ বিৰূদ্ধে কৰা ব্যবস্থা গ্ৰহনৰ ফলাফলতেই প্ৰকাশ পাইছে। কিন্তু ধৰ্ম নিৰ্বিশেষে বয়জ্যেষ্ঠ সকলৰ মাজৰ পৰা সাহিত্য , সভ্যতা আৰু সংস্কৃতিগত দিশত অসমত এতিয়াও পৰম্পৰাগত ভাবে পোচাক পৰিচ্ছদৰ দিশত শালিনতাবোধ বাৰুকৈয়ে বৰ্তি আছে বুলি ক’ব পাৰি। হিন্দু মুছলাম সমাজত এতিয়াও বয়জ্যেষ্ঠা মহিলা সকলে দীঘলকৈ ওৰনি লোৱা দেখা পোৱা যায়।

পৰীক্ষা কেন্দ্ৰলৈ হাফপেন্ট অহাৰ কথা শালিনতাবোধৰ লগত জৰিত দিশ। কিন্তু ইয়াৰ বিপৰীতে এই কাৰ্যৰ বিৰোধীতা কৰিবলৈ গৈ এই কাৰ্যক তালিবানী ব্যবস্থা , ইছলামিক পৰ্দা প্ৰথাৰ আৰম্ভনি , ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ , মানসিক নিৰ্যাতন আদি বুলি অভিহিত কৰা দিশবোৰক কোন দিশৰ লগত জৰিত বুলি আখ্যা দিব পৰা যাব বাৰু?

চ’চিয়েল মেডিয়াত যিকোনো কথাতে দৰকাৰী বা অদৰকাৰী ভাবে তালফাল লগোৱা মানুহৰ , নেতাৰ অভাব অসমত মুলুকত নাই। এই জাত মানুহ , নেতা বৰ সুলভ। হাফপেন্ট পিন্ধা ঘটনাৰ সম্পৰ্কত ফেচবুকত যুবতী গৰাকীৰ সপক্ষে মন্তব্য কৰা এগৰাকী ব্যক্তিক ফেচবুকত তেওঁৰ ঘৰত তেনেকৈ কোনো যুবতীক হাফপেন্ট পিন্ধি থাকিবলৈ দিব নে বুলি প্ৰশ্ন কৰাত তেওঁ তেনে ধৰনৰ পোচাক ঘৰত পিন্ধাত সমৰ্থন নকৰে বুলি পোনপটীয়া মন্তব্য কৰাও দেখা গৈছে। বেমাৰটো একেই ।ভিউজ , কমেন্ট আৰু শ্বেয়াৰ।

সাম্প্ৰতিক সময়ত অসমৰ যুব সমাজ সহজ সাধ্য উপাৰ্জন মানে ইজি মানি , কৰ্মহীন জীৱন , স্মাৰ্ট ফোন আৰু পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ বাবে জীৱন উৎসৰ্গিত কৰিবলৈ সাজু। কিন্তু পৰিশ্ৰম আৰু সংগ্ৰামৰ বিনিময়ত উপাৰ্জন , সমূখত পৰি থকা উপাৰ্জনমুখী কামকাজ বোৰৰ বাবে নিজকে সাজু কৰা আৰু ভাৰত তথা অসমৰ সংস্কৃতিক উদ্ধাৰ লগতে প্ৰচাৰ কাৰ্যত নিয়োজিত কৰা মানসিকতা আজিৰ অসমৰ যুবক যুবতী সকলৰ মানসিকতাত নাই। লগতে পিতৃ মাতৃ তথা অভিভাবক সকলেও অবলম্বন কৰিব লগা দায়বদ্ধতা আৰু সাবধানতাৰ ক্ষেত্ৰত প্ৰায়েই উদাসীনতাহে প্ৰদৰ্শন কৰে।

যৌনতা সৰ্বস্ব পশ্চিমীয়া সংস্কৃতিৰ অনুসৰন আৰু অনুকৰনে আমাৰ ভাৰতীয় তথা অসমীয়াৰ গৌৰৱোজ্জ্বল বিশ্ব বিমোহিত সংস্কৃতিলৈ এক অশনি শংকেত কঢ়িয়াই আনিছে বুলি দৃঢ়তাৰে ক’ব পাৰি।