অসমীয়া লোকসংস্কৃতিৰ থলুৱা খাদ্য
ৰশ্মি ৰেখা দুৱৰা
অসমখন নানা জাতি- জনগোষ্ঠীৰ সম্ভাৰ।সকলো জাতিৰে থলুৱা খাদ্যবোৰ সুকীয়া।ব’হাগ বিহুত গৰু বিহুৰ দিনা খাবৰ বাবে পানী টেঙা তৈয়াৰ কৰে।সৰিয়হ পিহি থেকেৰা টেঙাৰে(অন্য টেঙাও ব্যৱহাৰ কৰিব পাৰে) সানি পাতত বান্ধি থৈ দিয়া হয় বিহুৰ দুদিন মান আগতে তাৰপাছত গৰু বিহুৰ দিনা পঁইতা ভাতৰ লগত খোৱা হয়।এয়া আমাৰ অসমীয়া সমাজৰ থলুৱা খাদ্য।বেতগাঁজ পুৰি পিটিকি খাব পাৰি।গৰুবিহুৰ দিনা এশ এবিধ শাকৰ আঞ্জা খালে বেমাৰ আজাৰৰ পৰাও হাত হাৰিব পাৰি।কিন্তু এশ এবিধ শাক বিচৰাতো ইমান সহজ নহয় সেইবাবে আমৰলি টোপ খালেই এশ এবিধৰ কাম দিয়ে বুলি কথিত আছে।বাও চাউলৰ ৰঙা ভাতৰ লগত মাটি দালি,হাঁহৰ মাংস বাঁহ গাজ দি ৰন্ধা,পিঠা গুটিৰ লগত হাঁহৰ মাংস ৰান্ধি খোৱা হয়।বৰ্তমান কিছু আমাৰ থলুৱা খাদ্যবোৰ সময়ৰ সোঁতত লুুপ্তহৈ গৈছে যদিও কিছু পৰিমাণে আছে।খাৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল।বৰ্তমান আমি খাৰ বজাৰৰ পৰা ক্ৰয় কৰি গ্ৰহণ কৰোঁ।আগৰ দিনত ভীম কলৰ বাকলিবোৰ ৰ’দত শুকুৱাই জুইত পুৰি ৰস উলিয়াই বটলত ভৰাই থোৱা হয়।খাবলৈ হ’লে তাৰ পৰাই লোৱা হয়।মৰাপাটৰ লগত খুন্দু চাউল দি খাৰ ৰন্ধা হয়।তদুপৰি পচলা,অমিতা, মাটি দাইল,জাতিলাউ আদিতো খাৰ দি খোৱা হয়।সেইবাবেই খাৰ খোৱা অসমীয়া বুলি কোৱা হয়।আহোম সকলৰ গাহৰি প্ৰিয়।গাহৰি ব্ৰইল,গাহৰি পোৰা আদিৰ লগত ৰহি সাঁজ পৰিৱেশন কৰে।বৰা চাউল ধুই তিয়াই চুঙাত দি গাহৰি মাংসৰ লগত পৰিৱেশন কৰিব পাৰি।অসমীয়া সমাজৰ আৰু এবিধ সকলোৰে প্ৰিয় খাদ্য হৈছে লেটা।লেটা নানা প্ৰণালীৰে ৰান্ধি খায়।মিচিং সমাজত গাহৰি ব্ৰইল,চুঙাত দিয়া সকলো ধৰণৰ প্ৰণালীৰে গ্ৰহণ কৰা দেখা যায়।অসমৰ থলুৱা ডাল কচুৰ থুৰিৰ লগত শুকতি মাছ দি ৰান্ধি খোৱাৰ মজাই সুকীয়া।কচুৰ পাতবোৰৰ লগত শুকান মাছ দিয়ো পৰিৱেশন কৰিব পাৰি।অসমৰ থলুৱা খাদ্যৰ বিষয়ে কৈ বা লিখি শেষ কৰিব নোৱাৰি।আমি সকলোবোৰৰ সোৱাদ ল’বলৈ চেষ্টা কৰিব লাগে।মাজে সময়ে থলুৱা খাদ্যবোৰ ৰান্ধি খাব লাগে।আমিয়ে যদি সেইবোৰ পৰিহাৰ কৰোঁ আমাৰ পাছৰ প্ৰজন্মই থলুৱা খাদ্যৰ সোৱাদে নাপাব।চিকেন বিৰিয়ানি,ফ্ৰাইড ৰাইচ বোৰহে নিজৰ খাদ্য বুলি ভাবিবলৈ বাধ্য হ’ব।