অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ সন্মান
মৃদুস্মিতা শৰ্মা
“সুৱদিসুৰীয়া মোৰ অসমীয়া ভাষা
জগত সভালৈ যাব
উজ্জ্বল
সুজ্জ্বল
কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব
চিৰ চেনেহী মোৰ ভাষা জননী’’
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে । আমাৰ জাতীয় জীৱনৰ বাবে ঐতিহাসিক ক্ষণ। এই শুভ ক্ষণত আমি কৃতজ্ঞতাৰে আমাৰ শ্ৰদ্ধা-সম্ভাষণ নিবেদন কৰিছোঁ ভাৰত ৰাষ্ট্ৰৰ সন্মানীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়লৈ। আমি অনুভৱ কৰোঁ যে ভাৰত চৰকাৰৰ এই সিদ্ধান্তই আজি বিশ্বৰ বুকুত অসমীয়া ভাষাক প্ৰকৃত মৰ্যাদা প্ৰদান কৰিলে। পঞ্চম শতিকাৰ পৰাই যাত্ৰা আৰম্ভ কৰা অসমীয়া ভাষাৰ গৌৰৱময় যাত্ৰাক আজিৰ ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমীয়া জাতিক মহীয়ান কৰিলে। এই শুভক্ষণত আমি বিশেষ ভাবে কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড.কুলধৰ শইকীয়া মহোদয়ক। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে তেখেতে সুদীৰ্ঘ দিন এক পৰিশীলিত ৰূপত কৰ্ম সম্পাদন কৰি প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ গৈছিল। তেখেতৰ পিছৰ কাৰ্যকালতো সাহিত্য সভাৰ হৈ এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ বাবে আনুষ্ঠানিক ভাবে দায়িত্ব অৰ্পণ কৰা হৈছিল চলিত বৰ্ষৰ সভাপতি সম্পাদকক । তেখেতসকলৰ লগতে এই কাৰ্যৰ লগত জড়িত প্ৰতিগৰাকী অসম মাতৃৰ সু-সন্তানলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।আহক আমি সকলোৱে মিলি আমাৰ জাতি,আমাৰ ভাষা, আমাৰ পৰম্পৰাক আগবঢ়াই লৈ যাওঁ।