“অসমীয়া বিজেপি বাৰ্তা”ৰ ছেপ্তেম্বৰ সংখ্যাটি উন্মোচন

“অসমীয়া বিজেপি বাৰ্তা”ৰ ছেপ্তেম্বৰ সংখ্যাটি উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র “অমসীয়া বিজেপি বার্তা”ৰ অষ্টম বৰ্ষৰ, নৱম সংখ্যক খণ্ডটি  ৰাজ্যিক সভাপতি ভবেশ কলিতাই উন্মোচন কৰে। তেওঁ কয়, এই মুখপত্রই দলৰ নীতি-আদৰ্শৰ লগতে চৰকাৰৰ কৰ্মৰাজিও ধাৰাবিহকভাৱে প্ৰচাৰ কৰি আহিছে। দলীয় কাৰ্যকৰ্তাৰ লগতে প্রতিজন পাঠকৰ বাবে “অসমীয়া বিজেপি বার্তা” অধ্যয়নৰ সমল হ’ব পাৰে। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, মিডিয়া পেনেলিষ্ট ব্রজেন মহন্তও উপস্থিত আছিল।