অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰা পুৰোধা সকলৰ অন্যতম আছিল বিশ্ব মহাবীৰ চিলাৰায়’- উদ্যোগ মন্ত্রী বিমল বড়া

অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰা পুৰোধা সকলৰ অন্যতম আছিল বিশ্ব মহাবীৰ চিলাৰায়’- উদ্যোগ মন্ত্রী বিমল বড়া
মঙলদৈৰ গান্ধী ময়দানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্রীয় ভাৱে ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰাৰ দিশত যিসকল পুৰোধা ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেই সকলৰ সকলৰ অন্যতম হৈছে বিশ্ব মহাবীৰ চিলাৰায়’ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত মঙলদৈৰ গান্ধী ময়দানত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কেন্দ্রীয় ভাৱে আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে প্ৰদান কৰা ভাষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই এইদৰে কয়।বিশ্ব মহাবীৰ চিলাৰায় এগৰাকী বহুধা বিভক্ত গুণ সম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয় যে ভাষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিকতা আৰু সমাজিক সংস্কাৰৰ দিশত বীৰ চিলাৰায়ে দেখুৱাই যোৱা আদৰ্শ অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।’অসমীয়া জাতি সত্তা নিৰ্মাণৰ এগৰাকী প্ৰধান খনিকৰ চিলাৰায়ে দুৰ্জেয় পৰাক্ৰমৰ সমান্তৰালকৈ জ্ঞানৰ গভীৰ সাধনা, কলাৰ চৰ্চা আৰু অতুলনীয় সামৰ্থ্যৰে জাতীয় জীৱনক নতুন পৰিধিৰে ব্যাপ্ত কৰি থৈ যোৱা বুলিও মন্ত্রী বড়াই তেওঁৰ ভাষণত কয় কোচ সাম্ৰাজ্যৰ সোণালী অধ্যায় চিলাৰাইৰ কৰ্মনিপুনতা আৰু দক্ষতাৰ সোণসেৰীয়া জ্যোতিৰে আজিও জ্যোতিস্মান হৈ আছে বুলি মন্তব্য কৰি ইতিহাসৰ এনে এগৰাকী মহান নায়কক জন্মদিৱসত কৃতজ্ঞতাৰে স্মৰণেই হৈছে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি বুলি ব্যক্ত কৰাৰ লগতে মন্ত্রী বড়াই এনে এক পূণ্য ব্ৰতেৰে মহাবীৰ গৰাকীৰ আদৰ্শৰ চৰ্চা আৰু সাধনা কৰিবলৈ ভাষণত ৰাজ্যবাসীক আহ্বান জনায়৷বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক দিৱসৰ এই অনুষ্ঠানত মন্ত্রী বিমল বড়াৰ সৈতে বিশিষ্ট অতিথি উপস্হিত থাকি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মহাবীৰ চিলাৰাইৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০কমলা কান্ত বড়াই বীৰ চিলাৰাইৰ কৰ্ম আৰু সাধানাৰ পৰ্যালোচনা কৰে। মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস,ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী,কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱ,মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতী সমন্বিতে দৰং জিলাৰ কোচ ৰাজবংশৰ ভূমিপুত্ৰ সকল সভাত উপস্থিত আছিল। অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই দৰং কোচ ৰাজবংশৰ সু-সন্তান,বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃঅমৰেন্দ্ৰ নাৰায়ণ দেৱক সম্বৰ্ধনা জনায়।