অসমীয়া চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বানন্দ সোণোৱালে শোকবাৰ্তাত কয়, “জ্ঞানদা কাকতি বাইদেউ আৰু নাই! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি বাইদেউ প্ৰাতঃস্মৰণীয়। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘পূবেৰুণ’ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল। বাইদেউৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!”