অসমীয়া অনন্যা নাৰী
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে একলম
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
‘নাৰী’ ভগৱানৰ এক অনুপম সৃষ্টি।নাৰী জন্মদাত্ৰী মাতৃ।নাৰীৰ অন্তৰ কোমল।নাৰী সহনশিল।নাৰী অবিহনে এখন ঘৰ মৰিশালি তুল্য।এখন ঘৰ সকলোপিনৰ পৰাই সজাই পৰাই তুলিব পাৰে নাৰীয়ে।নাৰীৰ হাতৰ যাদুকৰি পৰশে জীৱনলৈ আনে নতুন ছন্দ।আজিৰ নাৰী কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই।
ভাৰতৰ অন্যপান্তৰ দৰে অসমীয়া নাৰীও অসমীয়া নাৰীও উজ্জ্বলি উঠিছে বিশ্ব দৰবাৰত।
ইতিহাসৰ পাতে পাতে অসমীয়া নাৰীৰ সাহস আৰু বীৰত্বৰ উমান পোৱা যায়।অসমীয়া নাৰীয়ে অকল পাকঘৰ, গৃহস্তীতেই ব্যস্ত নাথাকি পুৰুষৰ সমানে ৰাজকাৰ্য্য চলাইছিল।ৰণৰ সময়ত ৰণাংগণলৈ গৈ প্ৰাণ আহুতি দিছিল।এইখন অসমতে বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ দৰে শাসন কৰ্তা,মূলা গাভৰু,কনকলতাৰ দৰে বীৰাংগনা,কুৰঙ্গনয়নী, পিজৌ গাভৰু, হিৰণ্যগৰ্ভা আদি নাৰী সকলৰ জন্ম এইখন অসমতেই।ত্যাগ আৰু দেশ প্ৰেমৰ বাবে প্ৰাণ আহুতি দিয়া জয়মতী কুঁৱৰীৰ নাম সদায় জিলিকী থাকিব।নাৰীৰ জীৱন কোনোধৰনৰ ঘাত-প্ৰতিঘাতে স্থবিৰ কৰিব নোৱাৰে তাৰ উদাহৰণ স্বৰূপে আমি চন্দ্ৰপ্ৰভা শইকীয়ানী,নলিনীবালা দেৱী,নিৰ্মলপ্ৰভা বৰদলৈ,মামণি ৰয়চম গোস্বামীৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য।
বৰ্তমানৰ নাৰী সকলো কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই।খেল,অভিনয়,সংগীত,ফেশ্বন জগতত ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমীয়া মহিলাই নাম উজ্জ্বলাইছে।আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত টেবুল টেনিছত স্বৰ্ণ পদক বিজয়ী প্ৰথম অসমীয়া মহিলা মনালিছা বৰুৱা মেহতা লগতে তেওঁ অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া মহিলা।নগাঁও জিলাৰ ধিংৰ জীয়ৰী এথলীট হিমা দাস পদক পোৱা দ্বিতীয় গৰাকী একমাত্ৰ এথলীট।তেওঁ অৰ্জুন বঁটাৰে সন্মানিত হৈছে।অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথম গৰাকী মহিলা বস্কিং খেলুৱৈ লাভলিনা বৰগোঁহাই,২০২০ চনত তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হয়।২০২১ চনত ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ ক্ৰীয়া সন্মান খেলৰত্ন প্ৰদান কৰে।কল্পনা চৌধাৰী বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত পদক পোৱা মহিলা।ৰাষ্ট্ৰীয় পৰ্য্যায়ত বক্সিংত সুনাম কঢ়িয়াই আনিছে এই সকল মহিলা যমুনা বড়ো,অংকুশিতা বড়ো,ফুইলাও বসুমতাৰী।সাতোৰবিদ শিবাংগী শৰ্মা,আস্থা চৌধুৰী,মিঠু বৰুৱাই অসমলৈ পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছিল।ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেডমিন্টনত নাম উজ্জ্বলাইছিল অস্মিকা বৰুৱাই ,টাইকোনডোত ৰ’দালি বৰুৱাই।ৰাষ্ট্ৰীয় পৰ্য্যায়ত লনবলত স্বৰ্ণ পদক পাইছিল নয়নমণি শইকীয়া আৰু তানিয়া চৌধাৰীয়ে।আন এগৰাকী সুনাম কঢ়িওৱা মহিলা এথলীট তৈবুন নিছা।বৰ্তমানৰ জনপ্ৰিয় খেল আইপিএল অমেনছ প্ৰিমিয়াৰ লিগত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছে মঙ্গলদৈ জীয়ৰী জিণ্টিমণি কলিতাক।
ভাৰতীয় চলচ্চিত্ৰৰ বিশাল জগতত অসমীয়া বহু কেইগৰাকী মহিলাই নাম জিলিকাইছে।শ্বেখৰ কাপুৰৰ বিখ্যাত বোলছবি “বেণ্ডিত কুইন”ত অসমৰ সীমা বিশ্বাসে এক শক্তিশালী চৰিত্ৰত অভিনয় কৰি সুনাম কঢ়িয়াইছিল।অন্য এগৰাকী চলচিত্ৰ নিৰ্মাতা ৰীমা দাস।তেখেতৰ “ভিলেজ ৰকষ্টাৰ”ছবিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰৰ্দশিত হয় আৰু ৪৪টা বিভিন্ন শিতানত পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়।”হালধীয়া চৰায়ে বাওধান খাই”ৰ পিছত শ্ৰেষ্ঠ বোলছবিৰ স্বৰ্ণ কমল বঁটা পোৱা দ্বিতীয়খন অসমীয়া ছবি।ডিমাচা ভাষাৰ ছবি “ছেমখৰ”পৰিচালনা কৰি আইমী বৰুৱাই ৰজত কমল বঁটা পায়।অসমৰ উৰ্মিলা মহন্ত,প্লাৱিতা বৰঠাকুৰ,চাবিন মন্নন,ফেৰীপ্ৰিয়া আহমেদ,ৰশ্মি দেশাই,পৰিণিতা বৰঠাকুৰ,ৰিম্পী দাস,সুকন্যা বৰুৱা,সুৰভি দাস আদি অভিনেত্ৰীয়ে ভাৰতীয় টেলিভিচনৰ পৰ্দাত নিজৰ দক্ষতাৰে সুনাম আনিছে।ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মিছ ইণ্ডিয়া চুপাৰ মডেল ইণ্টাৰনেশ্বনেল ২০২১ ত অসমৰ উদেষ্ণা বৰা জয়ী হয়।শেহতীয়াকৈ অসমৰ পাট সাজ পেৰিছত প্ৰৰ্দশন কৰি বিশ্ব দৰবাৰত অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই।
নাৰীক সন্মান জনাবৰ বাবে প্ৰতি বছৰে ৮ ৰ্মাচ দিনটো আন্তজাৰ্তিক নাৰী দিৱস হিচাপে পালন কৰা হয়।প্ৰতি গৰাকী নাৰীলৈ যাচিলোঁ শ্ৰদ্ধা ও মৰম।কিন্তু আজিৰ দিনতো কোনো কোনো নাৰী হৈছে লাঞ্চিতা,বঞ্চিতা,ধৰ্ষিতা।অকল নাৰী দিৱসৰ দিনা ভাষণ দিলেই ন’হব।আমাৰ সমাজৰ সামাজিক ব্যাধি বাল্য বিবাহ,অন্ধবিশ্বাস,যৌতুক প্ৰথা,ডাইনী হত্যা,ধৰ্ষণ আদি নিঃশেষ কৰিবলৈ আহক আমি মাৰ বান্ধি থিয় হওঁ।