অসমবাসীক অপমান কৰা মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিৰুদ্ধে অসম তৃণমূল যুৱ কংগ্ৰেছৰ গোচৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সম্পৰ্কত অশালীন তথা বিতৰ্কিত মন্তব্য কৰা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক বাচ্চু কাডুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম তৃণমূল যুৱ কংগ্ৰেছে।অসম তৃণমূল যুৱ কংগ্ৰেছৰ উপ-সভাপতি অসীম মল্ল বৰুৱাৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে বাচ্চু কাডুৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ ৰুজু কৰে। দলটোত অসীম মল্ল বৰুৱাৰ লগতে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় মেহবুব আলী আৰু পলাক্ষী দাস, মহানগৰ সমিতিৰ ৰাহুল চৌহান, অভিষেক চেটাৰ্জী আৰু অসম তৃণমূল কংগ্ৰেছৰ কোষাধ্যক্ষ ঘনকান্ত চুতীয়া উপস্হিত থাকে।গোচৰ ৰুজু কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বাচ্চু কাডুৱে মহাৰাষ্ট্ৰ বিধানসভাত ‘অসমত কুকুৰৰ চাহিদা আছে, অসমত একোটা কুকুৰ ৮ হাজাৰ টকাত বিক্ৰী হয়। অসম ভ্ৰমণলৈ যাওতে এই কথা জানিব পাৰিছিলো’ বুলি মন্তব্য কৰাটো অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ লোকৰ বাবে চূড়ান্ত অপমানজনক বুলি মন্তব্য কৰে। অসম তৃণমূল যুৱ কংগ্ৰেছে লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।