ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান।মাঘ বিহুৰ সময়ত পৰম্পৰাগত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰি ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পি গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। পিপল ফৰ দ্য এথিকেল ট্রিটমেন্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ এছঅ’পি খাৰিজ কৰে। ইয়াৰ লগে লগে আগন্তুক মাঘ বিহুৰ সময়ত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত আইনী বাধাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজ্যত চলি অহা পৰম্পৰাগত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰ বিৰোধিতা কৰি আহিছিল পেটা ইণ্ডিয়াই। তেওঁলোকে অভিযোগ কৰিছিল যে এনে যুঁজৰ পূৰ্বে সাজু কৰি তোলাৰ বাবে ম’হ আৰু বুলবুলি চৰাইৰ ওপৰত বিভিন্ন ধৰণে নির্যাতন চলোৱা হয়। বিশেষকৈ বুলবুলি চৰাইসমূহক খাদ্যৰ সৈতে কিছু নিচাযুক্ত সামগ্রী সেৱন কৰোৱাই যুঁজৰ বাবে উত্তেজিত কৰা হয় বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে। সংস্থাটোৰ মতে, এনে পৰম্পৰাগত যুঁজ অনুষ্ঠিত কৰি পশুৰ ওপৰত নিৰ্যাতন চলাই আহিছে। যিটো আইনীভাৱে দণ্ডনীয়। যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক ইয়াৰ পূৰ্বেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু বাধ্য-বাধকতা আৰোপ কৰিছিল। অৱশ্যে মাঘ বিহুৰ সময়ত পৰম্পৰাগতভাৱে চলি অহা এই যুঁজসমূহ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰাৰ লগতে এখন এছঅ’পিও প্রকাশ কৰে। ২০২৩ বৰ্ষৰ ২৭ ডিচেম্বৰত ৰাজ্য চৰকাৰে ম’হযুঁজ, বুলবলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে বিশেষ এছঅ’পিখন জাৰি কৰে। এই এছঅ’পিৰ ভিত্তিতেই বিগত বৰ্ষত হাজো, আঁহতগুৰি আদিৰ লগতে বিভিন্ন স্থানত পৰম্পৰাগত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে জাৰি কৰা এই এছঅ’পিখনক প্রত্যাহ্বান জনাই পেটা ইণ্ডিয়াই পুনৰ এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে ৰাজ্য চৰকাৰৰ এছঅ’পি খাৰিজ কৰে।