অসমত বানপানীত নিহতৰ সংখ্যা শতকৰ ঘৰ পাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত বানপানীত নিহতৰ সংখ্যা শতকৰ ঘৰ পাৰ । যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনত কমেও সাতজন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মৃত্যুৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা কৰ্তৃপক্ষই সদৰি কৰে এই বিষয়ে। ৰাজ্যৰ ৩০ খন জিলাৰ ৪৫ লাখৰো অধিক লোক এই বানপানীৰ কবলত পৰিছে। বৰ্তমানে ব্ৰহ্মপুত্ৰৰ লগতে কপিলি (ধৰমতুল; কামপুৰ), দিচাং (নাংলামুৰাঘাট), ব্ৰহ্মপুত্ৰ (ধুবুৰীৰ ফালে অধিক) বিপদসীমাৰ ওপৰেৰে বৈ আছে। বানপানীত ৩০ খন জিলাৰ ৪,৫৩৬6 খন গাঁৱৰ মুঠ ৪৫,৩৪,০৪৮ লোক ক্ষতিগ্ৰস্ত হৈছে। লগতে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বানপানীত মুঠ ১০০৮৬৯.৭৬ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে।