অসমত আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেবিনেটৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ

অসমত আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেবিনেটৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ অন্তত এই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে সদৰি কৰিছে। সংবাদ মেলযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে  বিগত সময়ছোৱাত বহু কেইগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক বি এছ এফ, অসম আৰক্ষী আৰু ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যাৰ বাবে অনুপ্ৰৱেশকাৰীৰ বিষয়টো লাহে লাহে চিন্তনীয় হৈ পৰিছে। সেয়েহে ছেকেণ্ড লাইণ্ড ডিফেন্স অধিক শক্তিশালী কৰি বি এছ এফৰ সৈতে সমন্বয় ৰক্ষা কৰি অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে প্রচেষ্টা ল’ব লাগিব। এই শৃংখলাৰ এটা পর্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেবিনেটে কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে বুলি জনাই তেওঁ কয় যে এতিয়াৰে পৰাই আধাৰৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ নডেল বিভাগ হিচাপে থাকিব। জিলা পর্যায়ত এজন অতিৰিক্ত আয়ুক্তক আধাৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া তদাৰকৰ দায়িত্ব প্রদান কৰা হ’ব। ইয়াৰ পাছত আধাৰ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ’ব। চক্র বিষয়াগৰাকীয়ে পৰীক্ষা কৰিব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তকৰণৰ বাবে উক্ত আৱেদনকাৰীগৰাকীয়ে আৱেদন জনাইছিল নে নাই। এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে আৱেদন কৰাসকলেহে আধাৰ নম্বৰ লাভ কৰিব। অৱশ্যে ভাৰত চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই নিয়ম প্রযোজ্য নহ’ব। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো শক্তিশালী হ’ব। কোনো সন্দেহযুক্ত লোকে আধাৰ কাৰ্ড নাপাব।  সেইদৰে কেবিনেটে ভূমিৰ খাজনা আদায় দিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। ডিজিটেল ব্যৱস্থাৰে ভূমিৰ খাজনা আদায় লোৱাৰ লগতে পূৰ্বৰ দৰে মেনুৱেলীও খাজনা আদায় দিব পাৰিব। অর্থাৎ এতিয়াৰে পৰা ডিজিটেল ব্যৱস্থাও থাকিব আৰু পূৰ্বৰ দৰে মৌজাদাৰেও খাজনা সংগ্ৰহ কৰিব পাৰিব। একেদৰে, কেবিনেটে মিছন বসুন্ধৰা ৩.০ৰ অধীনত নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠান আদিক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থাৰো কিছু সৰলীকৰণ কৰে। উক্ত সামাজিক অনুষ্ঠানসমূহে সাধাৰণতে মাটিৰ পট্টা পাবলৈ হ’লে তেওঁলোকৰ ছ’চাইটী ৰেজিষ্ট্ৰেচনৰ প্ৰয়োজন। ছ’চাইটী ৰেজিষ্ট্ৰেচন কৰোঁতে তেওঁলোকে তিনি বছৰৰ চার্টার্ড একাউণ্টেণ্টৰ দ্বাৰা কৰা অ’ডিট ৰিপ’ৰ্ট দাখিল কৰিব লাগে। কেবিনেটে নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠান আদিক ছ’চাইটী ৰেজিষ্ট্ৰেচন কৰোঁতে তিনি বছৰৰ অ’ডিট ৰিপ’ৰ্ট দাখিলৰ ব্যৱস্থাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থা মিছন বসুন্ধৰা পৰ্যায়লৈহে বাহাল থাকিব। সেইদৰে যিবোৰ অনুষ্ঠানে ছ’চাইটী ৰেজিষ্ট্ৰেচনৰ নৱীকৰণ ফীজ আদায় দিব পৰা নাছিল আৰু এতিয়া জৰিমনা হিচাপে ধন আদায় দিব লাগে তেওঁলোককো সেই জৰিমনাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।