অসমক স্ব-নিৰ্ভৰশীল কৰিবলৈ আমি কি কৰা উচিত – অনামিকা (সংগীতা)

অসমক স্ব-নিৰ্ভৰশীল কৰিবলৈ আমি কি কৰা উচিত

অনামিকা (সংগীতা),শুৱালকুছি

গুৰুত্বপূৰ্ণ বিষয়। এখন দেশ বা ৰাজ্যৰ প্ৰগতিশীল কৰি গঢ়ি তুলিবলৈ হ’লে  অৰ্থনৈতিক ভাৱে  টনকিয়াল হ’ব লাগিব। তাৰ কাৰণে স্ব-নিৰ্ভৰশীল হোৱাৰ বাট মুকলি কৰিব লাগিব।

আমাৰ অসমখনত যদিও প্ৰচুৰ পৰিমাণে বনজ সম্পদকে আদি কৰি সকলো ফালে পৰিপূৰ্ণ কিন্তু অৰ্থনৈতিক দিশত সবল নহয়। তাৰ কাৰণ অসমৰ  লোক সকল স্ব-নিৰ্ভৰশীল নহয়। চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত আছে  যাৰ কাৰণে অসমৰ লোক সকল এলেহুৱা হৈ গৈ আছে। ইয়াৰ অন্তৰালত কেৰোণ বহুত আছে।

উদাহৰণ-ভাৰতৰ  বিভিন্ন ৰাজ্যৰ  ভিতৰত চাহ উৎপাদনৰ  ক্ষেত্ৰত অসম ৰাজ্য প্ৰধান। কিন্তু চাহপাত উৎপাদন হ’লেই নহ’ব ইয়াৰ প্ৰস্তুত কৰা কোম্পানী টাকৰ। আমাৰ অসমতকৈ বেলেগ ৰাজ্যৰ হে চাহপাতৰ প্ৰস্তুত কোম্পানী আৰু  গৱেষণা কেন্দ্ৰ বেছি আছে।এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব। অসমত উৎপাদন হোৱা চাহ অসমতে চাহপাত প্ৰস্তুত কৰি ৰপ্তানি কৰিব পাৰিলে অৰ্থনৈতিক দিশত অসমখন টনকিয়াল হোৱাৰ লগতে  স্ব-নিৰ্ভৰশীল হোৱাৰ এক উল্লেখযোগ্য ভূমিকা থাকিল হেঁতেন।

দ্বিতীয়তে আমাৰ কূটীৰ শিল্পবোৰৰ অৱস্থা দেখিলে মন সেমেকি যায়। কাঁহ-পিতলৰ বাচন বৰ্তন ,তাঁত শিল্প ,বাঁহ-বেঁতৰ শিল্পবোৰৰ পঁয়ালগা অৱস্থা।

বস্ত্ৰনগৰী শুৱালকুছি মই এগৰাকী জীয়ৰী -বোৱাৰী  , পূৰ্বপুৰুষ  পৰা আমি বয়ন শিল্পৰ লগত জড়িত। ঘৰতে মূগা পাট কাপোৰ তৈয়াৰ কৰি আহিছোঁ। কিন্তু আগতকৈ এতিয়া তাঁত শালৰ সংখ্যা কমিল।কেঁচা মালৰ মূল্যবৃদ্ধি সেই হিচাপত কাপোৰৰ মূল্য পোৱা নাযায়। বৰ্তমান বহিৰাগত গোষ্ঠীৰ ভেজালকৰণ এশ এবুৰী সমস্যা। ঠিক তেনেকৈ কাঁহ পিতলৰ শিল্পটোৰ ক্ষেত্ৰতো ভেজাল কৰণ আদি কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বাঁহ -বেঁতৰ
কেঁচা মাল সংৰক্ষণ ক্ষেত্ৰত বিভিন্ন সমস্যা।

বৰ্তমান  প্ৰযুক্তি বিদ্যাৰ যুগত  বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগিব।বিক্ৰী কৰাৰ ক্ষেত্ৰত বজাৰ সৃষ্টি কৰিব লাগিব।

বৰ্তমান আন এক সমস্যা দেখা পাইছোঁ অসমৰ ৪০%লোক কৃষি কৰ্মৰ প্ৰতি এক অনীহা মনোভাৱ। ইয়াৰ অন্তৰালত চৰকাৰে দিয়া বিনামূলীয়া চাউল ।তেওঁ লোকে কষ্ট নকৰাকৈ যেতিয়া পৰিয়ালৰ কাৰণে অন্নমুঠি পাইছে ,জৱকাৰ্ডৰ যোগেদি  পইছা পাইছে। গতিকে কষ্ট কৰাৰ প্ৰশ্ন মনলৈ নাহে।বহুত খেতিয়কে খেতি কৰিবলৈ এৰি দিছে।মানুহবোৰ এলেহুৱা হৈ পৰিছে।খেতিৰ মাটি  বোৰ এনেই পৰি থকাৰ ফলত চৰকাৰেও হস্তক্ষেপ  কৰাৰ সুবিধা পাইছে তেনে মাটি কিছুমূল্য লৈ চৰকাৰে বহিৰাগত পুঁজিপতি লোকক হস্তান্তৰ কৰিছে।

চৰকাৰৰ আন এক আঁচনি অৰুণোদয়,মাহেকত দৰিদ্ৰ সীমাৰ লোকসকলৰ একাউণ্টত কিছু টকা দিয়ে যাৰ ফলত তেওঁলোকৰ কামৰ প্ৰতি এক উদাসীন মনোভাৱ দেখা পাওঁ ।

যদি চৰকাৰে এইবোৰ আঁচনি পৰিহাৰ কৰাৰ লগতে আমাৰ বনজ সম্পদ বোৰ উপযুক্ত ভাবে প্ৰসাৰ সংৰক্ষণ  কৰাৰ গুৰুত্ব দিব লাগিব ।কূটীৰ শিল্পবোৰ ঠন ধৰি উঠাবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব  তেতিয়া অসমখন স্ব-নিৰ্ভৰশীল হোৱাৰ পথ সুগম হ’ব ।

এইবোৰৰ উপৰিও যদি অসমৰ  নৱপ্ৰজন্মক আনুষ্ঠানিক শিক্ষাৰ  লগতে বৃত্তিগত কাৰিকৰী  বিভিন্ন  শিক্ষা প্ৰদান কৰা হয় তেতিয়া অসমক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিব পাৰি।