অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত আইচিচিৰ নকআউট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে থকা ব্যৰ্থতাৰ ধাৰা ভংগ কৰিলে টীম ইণ্ডিয়াই। চলিত চেম্পিয়নছ ট্ৰফীৰ ডুবাইত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰে । টিম ইণ্ডিয়াৰ জয়ৰ ক্ষেত্ৰত মহম্মদ ছামী আৰু বিৰাট কোহলিয়ে বলিষ্ঠ প্ৰদৰ্শনেৰে সৰ্বাধিক ভূমিকা পালন কৰিছিল। মেচখনত কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও কোহলিৰ ৮৪ ৰানৰ লগতে শ্রেয়াছ আয়াৰৰ ৪৫ আৰু লোকেশ ৰাহুলৰ অপৰাজিত ৪২ ৰানৰ সহায়ত টীম ইণ্ডিয়া ৪৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। হার্দিক পাণ্ডিয়াই ২৪টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ২৮ ৰান কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অক্ষৰ পেটেলে ২৭ ৰানৰ অৰিহণা আগবঢ়ায়। ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল ভাৰতীয় দলটোৰ। দলীয় স্ক’ৰ ৪৩ ৰানত অ’পেনাৰদ্বয় শুভমন গিল আৰু ৰোহিত শৰ্মাই বিদায় লয়। গিলে ৮ ৰান আৰু অধিনায়ক ৰোহিতে ২৯টা বলত ৩টা চাৰি আৰু এটা ছয়েৰে ২৮ ৰান কৰে। অৱশ্যে কোহলিয়ে আয়াৰৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৯১ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। মেচখনত শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা কোহলিয়ে ৯৮টা বলত ৫টা চাৰিৰে ৮৪ ৰান কৰে। আউট হোৱাৰ পূৰ্বে কোহলিয়ে অক্ষৰ পেটেলৰ সৈতে চতুর্থ উইকেটত ৪৪ আৰু ৰাহুলৰ সৈতে পঞ্চম উইকেটত ৪৭ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল। ৰাহুলে ৩৪টা বলত ২টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৪২ ৰান কৰি অপৰাজিত হৈ থাকে। অষ্ট্ৰেলিয়াৰ হৈ নাথান ইলিছ আৰু আদাম জাম্পা উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি অধিনায়ক ষ্টিভেন স্মিথৰ ৭৩, এলেক্স কেৰীৰ ৬১, ট্রেভিছ হেডৰ ৩৯ আৰু মাৰ্নাছ লাবুচানেৰ ২৯ ৰানৰ সহায়ত অস্ট্রেলিয়াই ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে। কুপাৰ ক’ন’লীয়ে ০, জ’ছ ইংলিছে ১১ আৰু মেক্সৱেলে মাত্র ৭ ৰান কৰে। টীম ইণ্ডিয়াৰ হৈ মহম্মদ ছামিয়ে সর্বাধিক ৩টা, বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰন্দ্র জাদেজা উভয়ে ২টাকৈ, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেল উভয়ে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে টীম ইণ্ডিয়াই ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পিছৰ পৰা আইচিচিৰ নকআউট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ৰ মুখ দেখা নাছিল। অৱশেষত আজি দীর্ঘদিনীয়া ব্যৰ্থতাৰ অন্ত পেলায় টীম ইণ্ডিয়াই।