অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ এখন গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি দৰাবিল। পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ গাঁৱত অৱস্থিত এইখন দৰাবিল প্ৰায় সাতশ শতিকা পুৰণি। ঐতিহাসিক দৰাবিলৰ বাকৰিত ২৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ। ২০২৭ চনৰ পৰা মুলতঃ প্ৰকৃতি সুৰক্ষা, দৰাবিল সুৰক্ষা আৰু নদী শিহু সুৰক্ষাৰ স্বাৰ্থত দৰাবিল মহোৎসৱখনি আয়োজন কৰি আহিছিল।
২৬ জানুৱাৰীত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামীয়ে দৰাবিল মহোৎসৱত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰে। অংশ গ্ৰহন কালত তেখেতে কয়– আয়োজকসকলে দৰাবিল মহোৎসৱ উদযাপনেৰে দৰাবিলৰ বাকৰি জীপাল কৰিব বিচাৰিছিল। কিন্তু সময় আৰু চাকনৈয়াৰ পাকচক্ৰত মহোৎসৱ আৰম্ভণিত যিধৰণে আয়োজন কৰিছিল সেই ধৰণে উৎসৱটি ঠন ধৰি উঠিব পৰা নাই। অসমত নিজৰ নিজৰ ঠাই সমূহ আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ উৎসৱ–পাৰ্বনৰ আৰম্ভ হৈছে। দৰাবিল দক্ষিণ কামৰূপ এক গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি আৰু ৰামপুৰ, নহিৰা, জীয়াকুৰ আদি অঞ্চলৰ হৃদপিণ্ড। কিন্তু স্বাৰ্থপৰ মহলৰ দৰাবিলৰ পানী, মাটিৰ ওপৰত চকু পৰিছে। অতি দূৰ্ভাগ্যৰ কথা আমাৰেই এচাম ভাই–বন্ধুই দৰাবিল উন্নয়ন হোৱাতো বিচৰা নাই। ইয়াৰ ফলত বিলখন সংকটৰ সন্মুখীন হোৱাৰ লগতে একমাত্ৰ নদী শিহুৰ আবাসস্থল চকুৰ সন্মুখতে ধ্বংস হৈ পৰিছে। সেয়ে আমাৰ ভৱিষ্যত প্ৰজন্মই উশাহ ল’বৰ বাবে আমি দৰাবিল সংৰক্ষণৰ কথা চিন্তা কৰিব লাগিব। গতিকে ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি দৰাবিল শ্ৰীবৃদ্ধিৰ হকে সকলো আগুৱাই আহক। কোনোবা স্বাৰ্থলোভীৰ ভয়–ভাবুকিত যাতে দৰাবিলৰ উন্নয়ন স্থবিৰ হৈ নাযায় সেয়া আমি নজৰ ৰাখিবই লাগিব। আমাৰ কাষৰে চানডুবিলৰ বাকৰিত আজি চৈধ্যটা বছৰে কৃতকাৰ্যতাৰে চানডুবি উৎসৱ আয়োজন কৰি আহিছে। চানডুবি উৎসৱ পৰিচালনাৰ কৃতকাৰ্যতাৰ মুলতে তেওঁলোকৰ পৰিপাটি চিন্তাধাৰা। চানডুবি উৎসৱৰপৰা আমি বহুখিনি অনুকৰন কৰিবলগীয়া আছে। আনহাতে– দৰাবিল মহোৎসৱৰ উদ্যোক্তা মানসজ্যোতি কলিতাই কয়– এক আন্দোলনমুখী পৰিৱেশো নহয়, দৰাবিল মহোৎসৱো নহয়, গো–চৰণীয়া পথাৰখনৰ সংৰক্ষণৰ এক সংগ্ৰামহে। সংগ্ৰামৰে অন্য এটি নাম আন্দোলন। এই আন্দোলনখনৰেই নাম দিছো দৰাবিল মহোৎসৱ। দক্ষিণ কামৰূপৰ কলিজা স্বৰূপ দৰাবিল। এই দৰাবিল আৰু কলহী নদীৰ সংযোগী মুখত এছিয়া বিখ্যাত নদী শিহুৰ আবাসস্থল। আজি সেই আবাসস্থল ধ্বংসমুখী আৰু শিহুকেইটাও মৃত্যু মুখত পৰিছে। ভাৰতীয় ৰে’ল বিভাগে কলহী নদীৰ ওপৰত ঘন খুঁটাৰ যিখন দলং নিৰ্মাণ কৰিছে শিহুৰ বাবে সেয়া আছিল অতি ভয়ংকৰ। ব্ৰিটিছ চৰকাৰে কলহী নদীৰ ওপৰত শিহুৰ অনুকুলে দলং নিৰ্মাণ কৰিছিল। কিন্তু সেইখন দলঙক আমাৰ চৰকাৰে অনুকৰন কৰা নাই। যাৰ ফলত নদী শিহু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে। ইপিনে– নিৰ্বাচনৰ সময়ত আমাৰ স্থানীয় বিধায়কগৰাকীয়ে দৰাবিলক পৰ্যটন উদ্যোগ ৰূপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰিছিল। কিন্তু পৰ্যটন উদ্যোগ ক’ৰবাতে পৰি থাকিল। বিপৰীতে প্ৰদুষণ সৃষ্টিকাৰী উদ্যোগ সমূহ অবাধ হাৰত গঢ়ি উঠিল। প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ হ’লে আমি পৰ্যটন উদ্যোগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবই লাগিব।