অম্বুবাচী আৰু শক্তিপীঠ কামাখ্যাধাম
অলকা বুজৰবৰুৱা
টিহু , নলবাৰী
হিন্দু ধৰ্মৰ এক বিশেষ ধৰ্মীয় উৎসৱ হ’ল অম্বুবাচী।প্ৰতি বছৰে আহাৰ মাহত ভাৰতত অম্বুবাচী পালন কৰা হয় । অম্বুবাচী শব্দটো ‘অম্বু’ আৰু ‘বাচি’ শব্দ দুটা লগ হৈ গঠিত হৈছে।অম্বু শব্দৰ অৰ্থ পানী আৰু বাচি শব্দৰ অৰ্থ উৎফুলন।এই উৎসৱ প্ৰধানতঃ কৃষি কৰ্মৰ লগত জড়িত। অৰ্থাৎ আহাৰ মাহত বৰষুণে মাটিক প্ৰজননৰ বাবে উৰ্বৰা কৰি তোলে যাতে প্ৰকৃতি শস্য সম্ভৱা হ’ব পাৰে। হিন্দু ধৰ্মৰ ই এক বছৰেকীয়া ধৰ্মোৎসৱ। জনবিশ্বাসমতে আহাৰ মাহত মা ধৰিত্ৰী ঋতুমতী হয় আৰু সেই সময়ত হিন্দু ধৰ্মৰ লোক সকলে অম্বুবাচী পালন কৰে।আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদত আৰম্ভ হৈ আদ্যা নক্ষত্ৰৰ প্ৰথম পাদত ই অন্ত পৰে। যিহেতু এই সময়ছোৱাত ধৰিত্ৰী ঋতুমতী হোৱা বুলি বিশ্বাস কৰা হয় সেয়ে এই সময়ছোৱাত হাল বোৱা,বা কোনো ধৰণৰ মাংগলিক কাৰ্য সমাপন কৰা নহয় ।এই সময়ছোৱাত তিনিদিনৰ বাবে মঠ , মন্দিৰৰ দুৱাৰ বন্ধ থাকে , অৰ্থাৎ কোনো ধৰণৰ পুজা- পাতাল বা ধৰ্মীয় কাম-কাজ কৰা নহয়।
অম্বুবাচীৰ লগত আন কিছুমান লোকবিশ্বাসো জড়িত হৈ আছে। যেনে কাৰোবাৰ পিতৃ মাতৃ,নাইবা স্বামীৰ মৃত্যু হ’লে প্ৰথম বছৰটোত সেইদিনকেইটাত উপবাসে থাকি মাত্ৰ ফলাহাৰ কৰি চাৰিদিনৰ দিনাহে ভাত খোৱাৰ নিয়ম । আকৌ নাৰীসকল সেইসময়ত ঋতুমতী হোৱাৰ সময় হ’লে আগতে কুঁৱা বা পুখুৰীৰ পৰা পানী তুলি থৈ তিনিদিনৰ দিনা সেই পানীৰেহে গা ধুবলৈ দিয়া হয়। প্ৰয়োজনীয় কাপোৰৰ বাহিৰে আন কাপোৰ কানি বোৰ নিলগাই ৰখা হয়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা সেইকেইদিনত ব্যৱহাৰ হোৱা কাপোৰবোৰ ধুইহে ব্যৱহাৰ কৰা হয়।পাকঘৰৰ সকলো বাচন বৰ্তন বাহিৰ উলিয়াই আনি ধোৱা হয় আৰু সেই কেইদিন ব্যৱহাৰ কৰি ৰৈ যোৱা নিমখ,হালধি আদিবোৰ পেলাই দিয়া হয়। অৱশ্যে বৰ্তমান এই নিয়মবোৰ কিছু লঘূকৰণ হৈছে।
অম্বুবাচীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়। পৱিত্ৰ ভাৰত ভূমিৰ ৫১ টা শক্তিপীঠৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম । নীলাচল পাহাৰৰ বুকুত অৱস্থিত এই মন্দিৰটোক মহাশক্তিপীঠ আখ্যা দিয়া হৈছে।
কথিত আছে যে দেৱী পাৰ্বতীৰ পিতৃ দক্ষ ৰজাই যজ্ঞস্থলীত অসংখ্য লোকৰ উপস্হিতিতে স্বামী শিৱক অপমান কৰা বাবে তেওঁ লাজে অপমানে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে।তাকে দেখি শিৱ অত্যন্ত ক্ৰোধিত হৈ পৰে আৰু দেৱীৰ মৃতদেহটো কান্ধত লৈ তাণ্ডব নৃত্য কৰি ফুৰিবলৈ ধৰিলে। তেতিয়া বিষ্ণুৱে বিশ্ব-ব্ৰহ্মাণ্ড ধ্বংস হোৱাৰ ভয়ত নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ড বিখণ্ড কৰে। সতীৰ দেহৰ বিভিন্ন অংগ যিবোৰ ঠাইত পৰিছিল তাতেই একোখন শক্তিপীঠ গঢ়ি উঠা বুলি বিশ্বাস কৰা হয়। নীলাচল পাহাৰৰ উক্ত অঞ্চলটোত হেনো সতীৰ যোনী অংশ পৰিছিল।সেয়েহে দেৱী কামাখ্যাৰ ঋতুস্ৰাবৰ প্ৰতীক হিচাবে প্ৰতি বছৰে কামাখ্যা ধামত অম্বুবাচী পালন কৰি অহা হৈছে ।
বিশ্বাস মতে দেৱী ঋতুমতী হোৱাৰ আগতেই মন্দিৰৰ গৰ্ভ গৃহত চাৰিওফালে বগা বস্ত্ৰ মেলি দিয়া হয়।তিনি দিনৰ পাছত যেতিয়া মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় তেতিয়া হেনো কাপোৰ খিনি ৰঙচুৱা অৱস্হাত পোৱা যায়। কাহিনী মতে মা কামাখ্যা ঋতুমতী হোৱাৰ বাবেই এনে হয়।পিছত এই কাপোৰবোৰ ভক্তসকলৰ মাজত প্ৰসাদ হিচাবে বিতৰণ কৰা হয়।
অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰা হয়।সেইদিনটোৰ পৰা চাৰিদিনলৈ দেৱীৰ দৰ্শন তথা পূজা পাতাল নিষিদ্ধ। চতুৰ্থ দিনৰ দিনা দেৱীৰ স্নান,পূজা পৰ্বাদি সম্পন্ন হোৱাৰ পিছতহে দেৱীৰ দৰ্শন কৰা হয়।
ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আনকি বিদেশৰ পৰাও অহা লাখ লাখ ভক্তই সেই তিনি দিন কামাখ্যা ধামৰ চৌপাশে থাকি নাম কীৰ্তন কৰি দেৱী বন্দনা কৰি থাকে। নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্ত সকললৈ ৰক্ত বৰ্ণৰ কাপোৰ আগবঢ়াই।এই বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হয় বুলি প্ৰৱল জনবিশ্বাস আছে।
ধৰ্মীয় দিশটোৰ বাহিৰেও অম্বুবাচীৰ আন এটা উল্লেখযোগ্য দিশ ও আছে।ইয়ে ভাৰতীয় সংস্কৃতিৰ ধাৰাটোক এটা জাতিৰ পৰা আন এটা জাতিলৈ বোঁৱাই নিয়াত সহায়ক হয়। সেয়েহে ক’ব পাৰি যে কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক তথা জাতীয় সম্প্ৰীতি বজাই ৰখাত যথেষ্ট অৰিহনা যোগাইছে।