অমৃত বৃক্ষৰ গৰল কথা
ৰাতুল মহন্ত
সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ কথা । দিল্লীৰ মচনদত তেতিয়া ঔৰংগজেৱ। ভাতৃৰ তেজেৰে দিল্লীৰ ৰাজপথ ৰাঙলী কৰি পিতৃ ছাহজাহানক পোতাশালত থৈ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰিছিল ঔৰংগজেৱ । শাসন কালৰ আৰম্ভণিতে ঔৰংগজেৱে কাশ্মীৰত এটা বৃহৎ মছজিদ নিৰ্মাণ কৰিছিল। সেই কালত এটা মছজিদ নিৰ্মাণ কৰাটো কিমান কষ্টকৰ সেয়া অনুমান কৰাটো জটিল নহয় । মছজিদটো নিৰ্মাণ সম্পন্ন হোৱাৰ কিছুদিন পাছতে ক্ষণিকৰ বাবে অহা এটা ভূমিকম্পত সেইটো তাচপাতৰ ঘৰৰ দৰে তচনচ হৈ পৰিল । চকুৰ সমূখতে মছজিদ ধ্বংস হোৱা বাতৰিটো এতিয়া জাহাপনাক দিয়াটো বৰ বিপদজনক কাৰ্যহৈ পৰিল। কাৰণ সকলোৱেই জানে জাহাপনাৰ ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট স্বভাৱৰ কথা । তৎসত্বেও মৰণত শৰণ দি দুজন কটকী ৰাওনা হ’ল সম্ৰাটক এই দুঃখবৰ দিবলৈ । তেওঁলোকে সম্ৰাটক ভয়ে ভয়ে এই দুঃখবৰটো দিলে । সম্ৰাটৰ মুখখন মলিন হৈ পৰিল। তেওঁ চিন্তিত ভাৱে কটকী দুজনক সুধিলে, “মছজিদৰ কাষতে থকা গছজোপা বাৰু ঠিকে আছেনে? ” এইবাৰ কটকী দুজন আচৰিত হোৱাৰ পাল । খবৰ দিবলৈ আহিছিলো মছজিদ ধ্বংসৰ আৰু সম্ৰাটে সুধিছে সাধাৰণ গছজোপাৰ কথা ! কটকী দুজনে তৎক্ষণাৎ ক’লে, জাহাপনা, গছজোপাৰ একো ক্ষতি হোৱা নাই । কটকীৰ উত্তৰ শুনি ঔৰংগজেৱৰ মুখখন উজলি উঠিল আৰু আল্লাক ধন্যবাদ জনালে । তেতিয়া কটকী দুজনে উৎকণ্ঠাক ৰোধ কৰিব নোৱাৰি সম্ৰাটক সুধিলে,” জাহাপনা, ইমান টকা খৰচ কৰি নিৰ্মাণ কৰা মছজিদটো ধ্বংস হোৱাৰ কথা কওঁতে আপুনি সাধাৰণ গছজোপাৰ খবৰ লোৱাৰ কাৰণ কি বাৰু ? তেতিয়া ঔৰংগজেৱে ক’লে, “মই কালিলৈকে নতুন মছজিদ এটা নিৰ্মাণ কৰিব পাৰিম কিন্তু আল্লাৰ দান গছজোপা সৃষ্টি কৰিব নোৱাৰোঁ । সেয়েহে গছজোপা ধ্বংস হৈছে বুলি ভাবি মই চিন্তিত হৈ পৰিছিলো । গছজোপা অক্ষত অৱস্থাত আছে বুলি জানিব পাৰি মই বৰ আনন্দ পাইছো ।” মোগলক অপসংস্কৃতিৰ প্ৰতীক বুলি সদায়েই কৈ অহা আমাৰ ভাগ্যনিয়ন্ত্ৰা সকলে এনেধৰণৰ কথা বিলাকৰ পৰা নিশ্চয় শিক্ষা ল’ব পাৰে।
সেমেকা জলবায়ুৰ অন্তৰ্গত অসমত আয়াসতে গছ- বন গজে । সেয়েহে অৰণ্য-মানৱ যাদৱ পায়েঙে “অসমত গছ ৰুব নেলাগে, এনেয়ে হ’ব মাথো গছ কটা বন্ধ কৰক” বুলি কৈছে । অসমত যিমান বিলাক অৰণ্য আছে “মুলাই কাঠনি” ৰ বাহিৰে সকলো স্বাভাৱিক ভাৱে সৃষ্টি হোৱা। এটা সময়ত এই অৰণ্য সমূহত অজস্ৰ মূল্যবান গছ আছিল। পিছে চৰকাৰৰ ভুল বননীতিৰ বাবেই হওক বা বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ বেপৰোৱা মনোভাৱৰ বাবেই হওক এই অৰণ্য সমুহত মূল্যবান গছৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিবলৈ ধৰিলে ফলস্বৰুপে পাৰিপাৰ্শিক অৱস্থাতো বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে । অৰ্থাৎ প্ৰকৃতিয়ে আমাক দুহাত উজাৰি দিলেও আমি তাৰ সৎব্যৱহাৰ কৰিব নজনা বাবেই আমি এক বিপদৰ মুখামুখি হ’বলৈ গৈ আছো । অসমৰ অৰণ্য বিলাকৰ সংৰক্ষণ আৰু পৰিবৰ্ধনৰ বাবে “বনবিভাগ” নামে চৰকাৰৰ এটা সুকীয়া বিভাগ আছে, সেইবিভাগৰ মন্ত্ৰী পৰ্য্যন্ত আছে আৰু অৰণ্য সম্পৰ্কীয় সকলো কাম তদাৰক কৰাৰ দায়িত্ব সেই বিভাগটোৰ । আৰক্ষী বিভাগটোৱে শিক্ষা বিভাগৰ তদাৰক নকৰে বা কৰিব নোৱৰাৰ দৰে শিক্ষা বিভাগেও বনবিভাগৰ কাৰ্যাৱলীত হস্তক্ষেপ কৰিব নেলাগে । সকলো বিভাগৰে নিজ নিজ কৰ্তব্য আৰু দায়িত্ব আছে আৰু তাক সুচাৰুৰূপে পালন কৰিব লাগে । কিন্তু এতিয়া কথাবিলাক তেনে হৈ থকা নাই । পাম-গছ ৰোপনেৰে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব খোজা চৰকাৰ খনে যুদ্ধকালীন প্ৰস্তুতিৰে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীকে বৃক্ষৰোপণ কাৰ্য্যসূচীৰ সৈতে যুক্ত কৰা কথাটোত কি যুক্তিযুক্ততা থাকিব পাৰে ? গছৰ প্ৰতিপালন সংৰক্ষণ আৰ পৰিবৰ্দ্ধনৰ বাবে এটা স্বতন্ত্ৰ বিভাগ থকা সত্বেও কেৱল আন বিভাগৰ কৰ্মচাৰীয়ে নহয় অসমৰ সমূহ আত্মসহায়ক গোটকে গছপুলি ৰোপনৰ সৈতে জড়িত কৰোৱাৰ কি যুক্তি থাকিব পাৰে ? পথ বহল কৰাৰ নামত হাজাৰ হাজাৰ গছ যে ধ্বংস কৰা হৈ আহিছে ? এটা সময়ত গোৱালপাৰালৈ যাওঁতে দেখা পোৱা শাল-কাঠৰ নয়নাভিৰাম দৃশ্য অদৃশ্য হ’ল আৰু তেনে বিলাক ধ্বংস যজ্ঞত চৰকাৰখন আওপকীয়া ভাৱে জড়িত হৈ আহিছে । সাধাৰণ জনগণৰ ঘৰত আপুৰুগীয়া কাঠৰ আচবাব নাপায়; তেওঁলোক এইবিলাক গছ ধ্বংসৰ বাবে কোনো কাৰণতে জগৰীয়া নহয় । এতিয়া বৃক্ষৰোপনৰ সমগ্ৰ প্ৰক্ৰিয়াটোত সকলো শিক্ষক-কৰ্মচাৰীক জড়িত কৰি কোটি কোটি টকা খৰচ কৰাৰ পাছত তাৰ ফল কি হৈছে ৰাইজে দেখি আছে । আজিৰ পৰা ২২ বছৰমান পূৰ্বে তৃতীয় অসম আৰক্ষী বাহিনীৰ নেতৃত্বত তিতাবৰ চাৰিআলিৰ পৰা চিনামৰালৈকে গড়আলিৰ দুয়োকাষে সহস্ৰাধিক গছপুলি ৰোপণ কৰিছিল । এতিয়া সেই সহস্ৰাধিক গছপুলিৰ ভিতৰত বিছটা ও নাই । যোৱা বছৰ যিমান গছপুলি ৰোপণ কৰিছিল তাৰে কেইশ বাছে সেইয়া সময়ে ক’ব । “অমৃতবৃক্ষ”– শব্দটো সংস্কৃতগন্ধী ; শব্দটো শুনিবলৈ শুৱলা , কিন্তু সকলো গছেই অমৃত সদৃশ নহয় । “মঞ্চিনিল”(manchineel) নামৰ গছজোপাৰ ফলটো মুখত ল’লেই যিকোনো লোকৰ মৃত্যু আৱশ্যম্ভাৱী। আপুনি যদিহে সেই গছজোপাৰ ছাল বা পাত স্পৰ্শ কৰে তেন্তে আপুনি মৃত্যুসম যন্ত্ৰনা সহ্য কৰিবলৈয়ো সাজু থাকিব লাগিব । মুঠতে সকলো গছেই অমৃত নবৰষে, সেইটো কথাও মনত ৰখা ভাল।
ধৰিত্ৰীয়ে সন্মূখীন হোৱা জ্বলন্ত সমসা সমুহৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক সৰুৰেপৰাই ঘৰে বাহিৰে শিক্ষা দিব লাগিব । বিশ্ব পৰিৱেশ দিবসৰ সৈতে সংগতি ৰাখি গছপুলি এটা ৰুই আমি পৰিৱেশৰ উন্নতি সাধন কৰিব নোৱাৰো আৰু এক মিনিটত একলাখ গছপুলি ৰোৱাৰ বিশ্বৰেকৰ্ড কৰিও ধৰণী শ্যামলী কৰিব নোৱাৰোঁ । আচলতে কোনো এটা কাম কৰিবলৈ একাগ্ৰতাৰ প্ৰয়োজন। এইক্ষেত্ৰত মেক্সিম গৰ্কীৰ এষাৰ কথা তাৎপৰ্যপূৰ্ণ । তেওঁ কৈছে, “যেতিয়া কাম কৰি ভাল লাগে, তেতিয়া জীৱন আনন্দময় হয়। যেতিয়া কাম কেৱল দায়িত্ব হয় তেতিয়া ই হৈ পৰে দাসত্ব।” সেয়েহে আমি যিকোনো কাম কৰিবলৈ সেই কামটো ভাল পাব লাগিব আৰু সেইভাল পোৱা আহিব লাগিব অন্তৰৰ পৰা । তেতিয়া সেই কামটো আপোনাৰ জীৱনদায়িনী স্বৰূপ হৈ পৰে । পিপলান্ত্ৰি গাওঁখন বিশ্ববিখ্যাত হৈ পৰাৰ খবৰ আমি সকলোৱে জানো । এজন মাথো লোকৰ নেতৃত্বত আৰু গাঁওবাসীৰ সমূহীয়া প্ৰচেষ্টাত কি দৰে এখন শুকান মৰুৰ গাওঁ সেউজীয়া হৈ পৰিল ,চৰাই এটাও দেখিবলৈ নোপোৱা গাওঁখন কেনেদৰে কাকলিৰ মিঠা শব্দত মুখৰিত হৈ পৰিল সেই বিষয়ক লৈ শতাধিক তথ্যচিত্ৰ নিৰ্মাণ হোৱাৰ লগতে আৰ্জেন্টিনাৰ এটি দলে “Tree Sisters” নামে এখন কথাছবিও নিৰ্মাণ কৰিছে।
ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ অন্তৰ্গত পিপলান্ত্ৰি গাঁও। মাৰ্বল পাথৰেৰে সমৃদ্ধ গাঁওখনত ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাত আৰু দিনটোৰ ছবিছ ঘণ্টাই খনি সমূহত কাম চলাৰ ফলস্বৰুপে গাওঁখনৰ পৰিৱেশ প্ৰদূষিত হৈ পৰে । জলাশয়ৰ পানীও প্ৰদূষিত হৈ পৰে,গছ- লতিকাৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহে , মাটিৰ উৰ্বৰতাও হ্ৰাস পাবলৈ ধৰে, ভূগৰ্ভস্থ পানী দ্ৰুত ভাৱে শুকাই যায় আৰু তাৰ ফলত সমগ্ৰ পৰিৱেশটোতে বিৰূপ প্ৰভাৱ পৰে আৰু দৰিদ্ৰতাই আগুৰিধৰা গাঁওবাসী ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ভিন্ন ঠাইলৈ কামৰ সন্ধানত ওলাই যায় । এনে এক দুৰ্যোগময় পৰিস্থিতিতে ২০০৫ চনত মৰু সদৃশ গাওঁখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে শ্যাম সুন্দৰ পালিৱালে । তাৰ ঠিক কিছুদিনৰ পাছতে তেওঁৰ মৰমৰ কন্যা “কিৰণ”ৰ মৃত্যু হ’য়। কিন্তু কিৰণৰ মৃত্যু গাওঁখনৰ বাবে যেন আশীৰ্বাদ স্বৰূপ হৈ পৰিল ! সেইদিনা সকলোৱে কিৰণৰ মৃত্যুক স্বাভাৱিক মৃত্যুৰ দৰেই গ্ৰহণ কৰিছিল । কিন্তু কোনে বাৰু ভাবিছিল “কিৰণ”ৰ মৃত্যুৱে সাতটা সুৰুযৰ কিৰণেৰে গাওঁখন উজলাই তুলিষ্টব বুলি ? কিৰণৰ মৃত্যু আছিল যেন দহৰ বাবে, দেশৰ বাবে মৃত্যু ! কবিৰ ভাষাত,
“যি মৃত্যুৱে দহক জীৱন দিয়ে
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ “
কিৰণৰ মৃত্যু শোকত পিতৃ শ্যাম সুন্দৰ পালিৱাল ভাগি পৰিছিল আৰু দুহিতাৰ স্মৃতিত এটা গছপুলি ৰোপন কৰিছিল । গাওঁখনৰ মূখিয়াল হিচাপে সেইদিনাই তেওঁ এটা অভিনৱ নিয়ম প্ৰৱৰ্তন কৰিলে । গাওঁখনত কন্যা সন্তানৰ জন্মৰ লগে লগে গাৱঁৰ ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব আৰু নতুন সন্তানটিক প্ৰতিপালন কৰাৰ দৰেই এই গছপুলি বিলাকো প্ৰতিপালন কৰিব লাগিব। তদুপৰি কোনোৱে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব । পালিৱালৰ এই এটা মাত্ৰ সিদ্ধান্তই গাওঁখনলৈ অভাৱনীয় পৰিবৰ্তন আনিলে ।প্ৰায় আঠ হাজাৰ লোকৰ বাসস্থান গাঁওখনত প্ৰতিবছৰে ৭০/৮০ টা কন্যা সন্তানৰ জন্ম হয় আৰু বছৰি ৮/৯ হাজাৰ গছপুলি ৰোপণ হয় য’ত পুলিৰ মৃত্যুৰ হাৰ শূন্য শতাংশ।লাহে লাহে গাওঁখন সেউজীয়া হৈ আহিবলৈ ধৰিলে,গৰমৰ প্ৰকোপ কমি আহিল,বতাহ নিৰ্মল হৈ আহিল আৰু সময়মতে বৰষুণ হ’বলৈ ধৰাত পানীৰ অভাৱো নাইকীয়া হ’ল। মানৱসৃষ্ট এই সুন্দৰ পৰিৱেশলৈ প্ৰকৃতিৰ অনন্য অৱদান বিভিন্ন ধৰণৰ চৰাইৰো আগমন ঘটিল। সাম্প্ৰতিক সময়ত গাঁৱৰ কোনো লোকৰ মৃত্যু হ’লেও তেওঁৰ স্মৃতিত ১১টা গছপুলি ৰোপন কৰে । গাওঁখনৰ সকলো মুনিহ তিৰোতা, আনকি শাৰীৰিক ভাৱে অক্ষম লোক সকলেও তেওঁলোকৰ সাধ্যানুসৰি গছপুলি সমূহ প্ৰতিপালন কৰি আহিছে ।
ৰাজস্থানৰ এই গাওঁখন ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ প্ৰতিখন গাঁৱৰ বাবে আদৰ্শ হ’ব লাগে । কিন্তু সেয়া আজিও বাস্তৱ ক্ষেত্ৰত হোৱা নাই । এই ক্ষেত্ৰত আমি অসমীয়া সকল আৰু এখোপ চৰা। যি কোনো সভাৰ আৰম্ভণিতে “ছহিদ তৰ্পণ” কাৰ্য্যসূচীৰে ছহিদক অপমান কৰাৰ দৰে (আমি ছহিদৰ কেঁচা তেজৰ মূল্য বুজিলো জানো ? ) আজিকালি ফাগুন চ’ত মাহৰ শুকান দিনবিলাকৰ সভা বিলাকতো বৃক্ষৰোপণৰ কাৰ্য্যসূচী থাকে । গছপুলি ৰোৱাৰ এটা নিৰ্দিষ্ট ঋতু আছে সেইটোও আমি পাহৰি গ’লো । খৰাং কালৰ সভাত বৃক্ষৰোপণ কাৰ্য্যসূচী পালনৰ পাছত সেইটো প্ৰতিপালনৰ দায়িত্ব কোনে লয় ? গছ পুলিটো ৰোৱাৰ পাছতে সেইটো গো-মাতাৰ পেটলৈ গ’লেও যাওঁক, পুলিটোৰ সৈতে চেলফি তুলি সামাজিক মাধ্যমত প্ৰচাৰ চলাবতো পাৰিম ! ধিক অসমীয়া !!