অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ
জ্যোতিস্মিতা গোস্বামী শৰ্মা
মৰমৰ মইনাহঁত আজি তোমালোকলৈ এটি জতুৱা ঠাঁচ আগবঢ়ালোঁ। প্ৰথমে আমি জতুৱা ঠাঁচনো কি তাক জানো আহা।পৃথিৱীৰ প্ৰতিটো ভাষাৰে শব্দ ব্যবহাৰৰ ক্ষেত্ৰত নিজা ভংগী বা একোটা ঘৰুৱা কথনশৈলী থাকে। এই কথন শৈলীকে ভাষাটোৰ জতুৱা ঠাঁচ বোলে। আমাৰ অসমীয়া ভাষাটো প্ৰাচীন কালৰে পৰা জতুৱা ঠাঁচ, খণ্ড বাক্য, প্ৰবাদ – প্ৰবচন আদিৰে সমৃদ্ধ হৈ আছে। জতুৱা ঠাঁচ সমূহ ভাষাৰ অলংকাৰ স্বৰূপ। ইয়াৰ ব্যৱহাৰে ভাষাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ হয় আৰু বাক্যত ব্যৱহাৰ হ’লে বিশেষ একোটা অৰ্থ বুজায়। প্ৰাচীন কালৰ পৰা মানুহৰ মুখে মুখে জতুৱা ঠাঁচ চলি আহিছে।
এতিয়া আহো আমাৰ বিষয়বস্তুলৈ।”অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ”— তোমালোকে এই বাক্যশাৰী ককা -আইতা বা জ্যেষ্ঠ জনৰ মুখত শুনিছা নিশ্চয়। এইটো অসমীয়া ভাষাৰ বহু ব্যবহৃত ফকৰা।
মহিলা সকলে অলংকাৰ পিন্ধিবলৈ কাণত ফুটা কৰে। কাণৰ ফুটাটো নিচেই সৰু।স্বাভাৱিকতে কাণৰ এই ক্ষুদ্ৰ পথেৰে ধনুৰ শৰ পাৰ কৰা প্ৰায় অসম্ভৱ। কিন্তু কোনো ব্যক্তিয়ে যদি অহৰহ ধনুবিদ্যাৰ চৰ্চাত লাগি থাকে তেন্তে তেওঁ কাণৰ ফুটাৰেও কাঁড় মাৰিবলৈ সক্ষম হ’ব। ইয়াৰ অৰ্থ এয়ে যে অভ্যাসৰ অসাধ্য একো নাই। অহৰহ চেষ্টাবলত মানুহে অসম্ভৱ
কামো অনায়াসে সম্পাদন কৰিব পাৰে। অভ্যাসৰ মহিমাৰ বহুতো কাহিনী পোৱা যায়। ইয়াৰ ভিতৰত মহাভাৰতৰ অৰ্জুনৰ কাহিনী অন্যতম। তেওঁ পানীত মাছৰ প্ৰতিবিম্ব চাই ধনু কাঁড় মাৰি মাছৰ চকু বিন্ধা কৰিছিল ।
গতিকে মইনাহঁত, তোমালোকে পঢ়া -শুনাই হওক বা খেলা – ধুলাই হওক বা নিজৰ ভাল লগা বিষয় সমূহ নেৰানেপেৰাকৈ অনুশীলন কৰিলে সফল হ’ব পাৰিবা।তোমালোকে কুঁহিপাঠত কবি ম: চোলেমান খাঁ ৰচিত ” নোৱাৰোঁ “কবিতাটো পঢ়িছিলা নহয়নে?
“নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটি কথা মানুহৰ ,
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা
একে বাৰে নোৱাৰিলে এশ বাৰে কৰা।
এই কথা মনত ৰাখি জীৱন পথত আগবাঢ়িবলৈ চেষ্টা কৰিবা।