অভিমান: তোমাৰ বাবে
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
: ঐ,,
: ক’,,
: কি কৰিছ?
: এনেই আছোঁ, তই?
: মইয়ো এনেই আছোঁ।
: আচ্ছা।
: হুম।
ইমানেই। ইয়াতকৈ বেছি কথা আগ নাবাঢ়িল। সি এতিয়াও শেষৰ মেচেজটোক seen কৰা নাই। হয়তো ইমানতেই সি কথাৰ অন্ত পেলাব বিচাৰিছিল। তাইয়ো দুনাই একোৱেই নক’লে । কি দৰকাৰ, কাৰোবাৰ ব্যস্ততাপূৰ্ণ জীৱনত বিৰক্তিৰ কাৰণ হৈ দেখা দিয়াৰ।
অভিমুন্য আৰু প্ৰিয়াৰ প্ৰায় দুই বছৰতকৈও বেছি পুৰণি সম্পৰ্ক। সিহঁত যদিও চচিয়েল মিডিয়াৰ যোগেদি চিনাকী হৈছিল, খুব কম সময়ৰ ভিতৰতে সিহঁত দুয়ো ভাল বন্ধুত্বৰ বান্ধোনত বান্ধ খাইছিল। কেতিয়া যে তুমিৰ পৰা তই লৈ সলনি হৈছিল, ঠিক মনত নাই। সিঁহতে একে অপৰৰ ভাল লগা, বেয়া লগা, সুখ দুখ, হাঁহি কান্দোন , সকলোবোৰ ভগাই লৈছিল। সি চাকৰি পাইছিল সেইদিনা, প্ৰথমতেই তাইক জনাইছিল।
: প্ৰিয়া, মই চাকৰিটো পাই গ’লো ঐ,
ঘৰতো কোৱা নাই এতিয়ালৈকে , তোকেই প্ৰথম ক’লো,, কি ফুৰ্তি তাৰ সেইদিনা,, আনন্দত আত্মহাৰা হৈ পৰিছিল।
: বহুত অভিনন্দন তোলৈ অভি, শুনি বৰ ভাল লাগিল।
তাই আকৌ অনুৰাগক সুধিছিল,,
: মোক কিয়, মোক কিয় প্ৰথমে জনালি বাৰু,,?
: তই আপোন যে।
মাজে মাজে সি এনে কিছুমান বাক্যৰ শৰ তাইৰ হৃদয়লৈ মাৰি পঠিয়াই, সেইয়াই যথেষ্ট তাইৰ মনত এটি আশাৰ প্ৰদীপ জ্বলি উঠিবলৈ।
: ঐ, শুন না,,
: কোৱা না,,
সি লেনিয়াই কোৱাদি ক’লে,,
: ধেই, ফটুৱা নকৰ চোন অভি।
: অকে ,নকৰোঁ, ক’ এতিয়া,,
: বিয়ালৈ যাম। কোনযোৰ চাদৰ মেখেলা পিন্ধিম? নীলা নে গুলপীয়া?
: উম্,,, নীলা যোৰ, তোক নীলা ৰঙত বৰ ধুনীয়া লাগে ।
: ইছ,,
: বেছি ধুনীয়া জনী হৈ নাযাবি আকৌ,, ল’ৰা বোৰে চাই থাকিব।
: চালে চাব আকৌ, কি নো হ’ব। চকু আছে যেতিয়া চাবই।
: মোৰ বাহিৰে তোক বেলেগে চাবলৈ কোনো অধিকাৰ নাই। চকু ফুটাই দিম।
: কিয়, মই তোৰ হয়নো কোন,,?
: তই মোৰ ,,,,,?
: নক’লি যে, মই তোৰ,,?
: বাদ দে , বিয়াত গৈ বেছি উৎপাত নকৰিবি আৰু ঠাণ্ডা নলগাবি তোৰ সোনকালেই কাঁহ হৈ যায়। আৰু পাৰিলে এবাৰ ভিদিঅ’ কল কৰিবি।
: হুম।।
সময় উকলি যায়। সময়ৰ সোঁতত আপোন মানুহবোৰো অচিনাকী হৈ পৰে। এসময়ত আমি লগ পোৱা মানু্হ জনক বিচাৰি হাবাথুৰি খাও কিন্তু বিচাৰিহে নাপাওঁ। লাহে লাহে আগৰ দৰে অভি আৰু প্ৰিয়াৰ কথাৰ মেলখন নবহা হ’ল মেচেজতেই হওঁক বা ফোনতেই হওঁক।
“ঐ শুন না আজি কি হ’ল,,”
বাক্য শাৰীৰ দেখা দেখিও নোহোৱা হ’ল। ফৰ্মেলিটিৰ বাবে কিছুদিন গুড মৰ্ণিঙ আৰু গুড নাইটৰ মাজত কথাবোৰ সীমাবদ্ধ হৈ পৰিল। টানি টুনি কেইদিন মান এনেদৰেই চলাৰ পাছত একেবাৰেই অচিনাকী মানুহৰ দৰে হৈ পৰিল। আজি কালি সি তাইক মনত নেপেলায়। তাৰ নামৰ কোনো ধৰণৰ মেচেজ তাইৰ ফোনৰ স্ক্ৰীনত জিলিকি নুঠে। মুঠি অভিমান বুকুচাত লৈ তাই বহি থাকে। আপোন বুলি ভাৱি অহা মানুহ জনৰ পৰা অবহেলাখিনিয়ে তাইক জীয়াই জীয়াই পুৰি মাৰিছে। কিন্তু তাই মুখেৰে একোৱেই প্ৰকাশ কৰিব পৰা নাই। অভিমান কৰিবলৈ যে এমুঠি অধিকাৰৰ দৰকাৰ,আৰু সেই অধিকাৰ ফলাবলৈ প্ৰয়োজন একাজলি ভালপোৱাৰ শৃংগাৰ। সি তাইৰ এক পক্ষীয় ভালপোৱা হে মাথোঁ। নীৰৱে গোপনে আৰাধনা কৰা হৃদয়ৰ গৰাকী।কিন্তু তাৰ বাবে তাই এগৰাকী ভাল বান্ধৱী। এইষাৰ সি কোৱা বাক্যহে।।
তাই বুজি নাপাই তাই কি খেলা সামগ্ৰী নি,? যেতিয়া মন যাব আপোন বুলি আকোঁৱালি ল’ব, যেতিয়া মন যাব আঁতৰাই পঠিয়াব। খং উঠি গৈছে তাইৰ, সহ্যৰো সীমা থাকে। আজি প্ৰায় এমাহ পাৰ হৈ গৈছে, সিহঁতৰ মাজত কোনো ধৰণৰ কথা বতৰা হোৱা নাই। সি নিজেও খা -খবৰ লোৱাৰ সময় বিচাৰি পোৱা নাই আন ফালে প্ৰিয়াজনীও নিজকে আৰু অৱহেলাৰ পাত্ৰ সজাব নিবিচাৰিলে।
আজিয়েই সেই দিন।যিদিনা খন সিহঁত প্ৰথম বাৰৰ বাবে চা- চিনাকী হৈছিল।যোৱা বছৰ এই দিনটোত তাৰ আনন্দৰ সীমা নোহোৱা হৈছিল।চেলিব্ৰেটো কৰিছিল।কিন্তু সেই একেই তাৰিখ, একেই মানু্হ মাথো নতুন বছৰ এটিহে ।নিষ্ঠুৰ সময়ে সকলো সলনি কৰি পেলাইছে।চকুৰে নৈ এখন বৈ গৈছে তাইৰ।
কোনে কৈছে এক পক্ষীয় প্ৰেম বৰ ভাল,,, এজনে বিষাদৰ যন্ত্ৰণাত ডুবি মৰে আন জনে নাকত তেল দি শুৱে।এজনে শিতানৰ গাৰো তিয়াই, আনজন শান্তিৰে টোপনি যায়।
: অভি, তই সলনি হৈছ বহুত,,
: কি সলনি হোৱা দেখিলি,?
: কোনটো ক’ম, কওঁতে ৰাতি পুৱাব,
: কিছুমান ক’,
: তোৰ শুনিবলৈ সময় হ’ব,?
: তই এবাৰ কৈ’তো চা,
: কি ক’ম,
: যিটো তোৰ প্ৰাপ্য,
: বুজা নাই মই,,
: নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কেতিয়া শিকিবি,
: নাজানো!
: এবাৰ ক’ব পাৰিলি হয়,,,
: মই ছোৱালী ।
: তহ, ছোৱালীৰ মুখ নাই নি,?
: আছে, কিন্তু ছোৱালীয়ে মনৰ কথাবোৰ ভালদৰে প্ৰকাশ কৰিব নোৱাৰে।
: হ’ব হ’ব, এতিয়া শাকেৰে মাছ ঢাকিব নালাগে,,
: তোৰ মুখত কোনোবাই তলা মাৰি থৈছিল নি, ক’ব পৰা নাছিলি,,?
: তোক ইমান দিনে কমটি hints দিলোঁ নে, মই ভাবিলো তই ইণ্টাৰেষ্টড নহয়,
: চুপ, মাৰ খাবি এতিয়া,
: সেইবোৰ বাদ দে, কাইলৈ এবাৰ লগ কৰিবি,?
: নকৰোঁ যা,
: সঁচা?
: মিছা,,
: শুন ,
: হুম।
: ভালপায় তোক,,
: কোনে,
: অভিমন্যুই।
: মই চিনি নাপাওঁ কোন অভিমন্যু ,,
: তোৰ অভি,,
: ভালদৰে ক’ না, এনেকৈ কোনে প্ৰ’পছ কৰে বাৰু,,
: কাইলৈ কৰিম ৰ’, আঁঠু কাঢ়ি লৈ, চিনেমাৰ ষ্টাইলত।
: হ’ব থ’ থ’,লাজুকি বান্দৰ কৰবাৰ,
: তই কি, চিপকালি জনী,,
: ক’ এতিয়া,,
: I love you প্ৰিয়া।
: I love you too,,
ইমান দিনে হাজাৰ অভিমান বুকুচাত লৈ কঢ়িয়াই ফুৰা সম্পৰ্কটোক আজি সিহঁতে ভালপোৱাৰ নামেৰে নামাকৰণ কৰিলে। হৃদয়ৰ গভীৰত জমা হৈ থকা সকলো দুখ কষ্ট বোৰ নিমিষতেই নোহোৱা হৈ পৰিছে। এনে লাগিছে যেন গধুৰ শিল চপৰা বুকুৰ পৰা দলিয়াই পেলাই হে দিছে।