অভিনেত্ৰী ৰিমি সেনে কংগ্ৰেছ দলত যোগদান কৰে
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে টুইটাৰযোগে জনাইছিল যে অভিনেত্ৰী ৰিমি সেনে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত যোগদান কৰিছে। ২০১৭চনত,ৰিমি সেনে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰিছিল। ৰাৱাটে বিজেপিৰ প্ৰাক্তন তাৰকা প্ৰচাৰক সেনক কংগ্ৰেছলৈ আদৰণি জনাই কয়, “অভিনেত্ৰীগৰাকী কংগ্ৰেছত যোগদান কৰিবলৈ আৰু পৰিৱৰ্তন ত্বৰান্বিত কৰিবলৈ উত্তৰাখণ্ডলৈ আহিছে।”