অভিনয় – কাজি শ্বাহাদত ইছলাম

অভিনয়
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা
“আল্লাহ ভগৱানৰ নামত কিবা এটা সহায় কৰক বাবাহঁত।অন্ধ খোৰাক দান কৰিলে পুণ্য পাব বাবাহঁত।গাড়ী এক্সিডেন্টত মোৰ  ভৰি ভাঙিছে,চিকিৎসাৰ কাৰণে আপোনালোকে যিজনে যি পাৰে এই নিঃকিনৰ বাটিত দি যাওক। এই পৃথিৱীখন মিছা মায়া সকলো থাকিব আৰু পুণ্যখিনি লগত যাব বাবাহঁত ঈশ্বৰৰ নামত যি পাৰে দান কৰি যাওক।” ব্যস্ত চহৰখনৰ শিলাহৃদয়া মানুহবোৰৰ ভিক্ষাৰী জনৰ আৰ্তনাদত কোন কাণসাৰ নাই।কাৰণ এয়া সিহঁতৰ চকুত পৰা নিত্যনৈমিত্তিক ছবি। তাতোকৈও তাৎপৰ্যপূৰ্ণ কথা হ’ল ভিক্ষাৰীজনৰ আৰ্তনাদ ময়ো আজি কালি আওকাণ কৰি চলোঁ। কিন্তু মই এনেকুৱা নিৰ্দয় প্ৰাণী নাছিলোঁ আৰু বুকু ফিন্দাই ক’ব পাৰোঁ মই আজিও কৰ্কশ নহওঁ আৰু হোৱাটো সম্ভৱো নহয় কাৰণ মানৱতাবোধ,ভাতৃত্ববোধ এই বিষয়বোৰ মোৰ ৰক্তই মোক দান কৰিছে। মই অত্যাধিক দয়ালু স্বভাৱৰ হোৱাৰ বাবে কম কথা শুনিছোঁ নে বন্ধু বান্ধৱী তথা নিজ পৰিয়ালৰ পৰা?আজি মোৰ হাঁহি উঠিছে ভিক্ষাৰী জনলৈ। মোৰ হাঁহি নিৰৰ্থক নহয় সেয়া সময়ে ক’ব।ব্যৱসায়ীক কামত সপ্তাহত দুবাৰকৈ মই ইয়ালৈ আহোঁ। চহৰখনত সদায়ে ভিৰ থাকেই , কিন্তু এইখিনি ঠাইত চহৰখনৰ অন্য এলেকাতকৈ বেছি মানুহৰ সমাগম হয়।কাৰণ ওৰেটো চহৰৰ যিকোনো বৃত্তিৰ মানুহ এই এলেকালৈ আহিবলগীয়া হয়।কাৰণ ইয়াতে পোৱা নাযায় এনেকুৱা কোনো বস্তু নাই।যাৰ কাৰণে দেশখনৰ ভিতৰত এই এলেকাৰ এক ব্যতিক্ৰমী সুনাম আছে। আজিৰ পৰা এবছৰ আগৰ কথা।ৰামজান মাহত পৰিয়াল সহ ঈদৰ বজাৰ কৰিবলৈ ভিৰ ফালি আগুৱাই গৈছোঁ।কোলাত আমাৰ কেঁচুৱা লৈ পত্নী পিছে পিছে। হঠাত কাহানিও শুনি নোপোৱা এক অদ্ভুত আৰ্তনাদে মোৰ বুকু কঁপাই তুলিলে-“আল্লাহ ভগৱানৰ নামত কিবা এটা সহায় কৰক বাবাহঁত।অন্ধ খোৰাক দান কৰিলে পুণ্য পাব বাবাহঁত।গাড়ী এক্সিডেন্টত মোৰ  ভৰি ভাঙিছে,চিকিৎসাৰ কাৰণে আপোনালোকে যিজনে যি পাৰে এই নিঃকিনৰ বাটিত দি যাওক। এই পৃথিৱীখন মিছা মায়া সকলো থাকিব আৰু পুণ্যখিনি লগত যাব বাবাহঁত ঈশ্বৰৰ নামত যি পাৰে দান কৰি যাওক।” ৰক্তৰে ৰঞ্জিত ভৰিৰ বেণ্ডেজ। হাতত পেং ডাল লৈ নৱনিৰ্মিত পকী নৰ্দমাৰ ওপৰত বহি ভিক্ষাৰী এজনে চিঞৰি আছে।অসহায় চাৱনি…. ফটা থৈলা…. উৱলি যোৱা গামোচা…. আৰু হেজাৰটা টাপলিযুক্ত চোলাটো।মোৰ চকু সেমেকি উঠিল। পকেট সংকটজনক অৱস্থাত যদিও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি দুহেজাৰ টকা দিলোঁ। তেওঁ মোৰ হাতত ধৰি কেইবামিনিটলৈ দোৱা কৰি থাকিল।মোৰ হৃদয়ত যেন শান্তিৰ নিজৰা ব’ব ধৰিলে। সঁচাকৈয়ে কাৰোবাক কিবা এটা সহায় কৰিব পাৰিলে মনে বহুত প্ৰশান্তি লাভ কৰে। বাটে-ঘাটে লগ পোৱা কোনোবা নিছলাৰ মূৰত এবাৰ হাত বুলাই এপেকেট বিস্কুট এবটল পানী কিনি দিব পাৰিলেও নিজকে বহুত ভাগ্যৱান ভাৱ হয়।যাৰ বাবেই কেতিয়াও নিজৰ ব্যৱহৃত কাপোৰ অপচয় নকৰি সিহঁতক দান কৰোঁ।  “বাবা এক্সিডেন্টত মোৰ ভৰি দুখন ভাঙিছে, চিকিৎসাৰ বাবে সাহাৰ্য্য কৰক বাবা। আল্লাহ ভগৱানৰ নামত কিবা এটা দান কৰক বাবা। আল্লাহ ভগৱানে আপোনাৰ মংগল কৰিব।” পুৰণি অথচ নিৰ্ধাৰিত শব্দ কেইটাৰে মোৰ ওচৰত কাবৌ কৰিব ধৰিলে।মই বিৰক্ত হ’লোঁ।কাৰণ এই ভৰি ভঙাৰ কাহিনীটো যিহেতু আজিৰ নহয়। এবছৰ আগতে কৰা নাটক যেতিয়া আজিও কৰিব ধৰিলে মই অলপ খঙতে তেওঁৰ পৰা আঁতৰি আহিলোঁ। সন্ধিয়া ঘনাই আহিল।এন্ধাৰৰ বাবে এজনে আনজনৰ মুখ চিনিবলৈ অলপ টান হৈ পৰিল। আজি মাৰ্কেটত কৰিবলগীয়া কামখিনি কৰোঁতে দিনটোৱে গুছি গ’ল।মই চাহ একাপ হাতত লৈ বাছষ্টেণ্ডৰ বাকৰিত।চাহত চুমুক দিওঁতেই মোৰ চকুত ভাহি উঠিল  চুঁচৰি বাগৰি যোৱা এজন মানুহ।মানুহজনক মই ক’ৰবাত দেখিছোঁ যেন লাগিল।মই তেওঁৰ অজানিতেই পিছ ল’লোঁ তেওঁৰ।প্ৰায় কাষ চাপি যোৱাত গম পালোঁ এইজন সেই চিনাকি ভিক্ষাৰীজন হে।গোটেই দিন খুজি মাগি এতিয়া ঘৰমুৱা হৈছে তেওঁ। কিন্তু হঠাতেই মই হতভম্ব হৈ পৰিলোঁ এন্ধাৰৰ চেগতে মানুহ এজন তেওঁৰ কাষ চাপি আহিলত তেওঁৰ কান্ধত থকা থৈলা আৰু বাটিটো মানুহজনৰ হাতত তুলি দি এটা গলিত সোমাই গ’ল।মোৰ মনটো ক্ষণিকতেই অনুসন্ধিৎসু হৈ পৰিল।শেষবাৰৰ বাবে চাহত চুমুকটো দি ডাষ্টবিনত কাগজৰ কাপখন পেলাই মই সিহঁতে সোমাই যোৱা গলিটোত সোমাই গ’লোঁ।সিহঁতে ইগলি-সিগলি কৈ কেইবাটাও গলি অতিক্ৰমি এখন নিৰ্জন খোলা ঠাই পালেগৈ। য’ত এখন ইন’ভা গাড়ী আগৰেপৰাই আছিল। ময়ো নিজৰ খোজৰ শব্দবোৰক নিয়ন্ত্ৰিত কৰি পিছে পিছে গৈ তাতে উপস্থিত হ’লোঁ।সিহঁতে মই পিছ লোৱা বুলি গম নোপোৱাকৈ অলপ আঁতৰত দেৱাল এখনৰ আঁৰত ৰৈ দিলোঁ। গাড়ীখনৰ পৰা সুন্দৰী যুৱতী এগৰাকী নামি আহিল হাতত বেগ আৰু দুই লিটাৰ পানীৰ বটল এটা লৈ।ওৰে দিনটো চুঁচৰি বাগৰি ফুৰা ভিক্ষাৰীজন হঠাৎ থিয় দি যুৱতীগৰাকীৰ কাষ চাপিলত মই হতভম্ব হৈ পৰিলোঁ।নিজৰ চকুযুৰিক বিশ্বাস কৰিবলৈ টান পালোঁ। যুৱতীগৰাকীয়ে তেওঁৰ লেতেৰা পোচাক আৰু বেণ্ডেজ খুলি দি পানীৰ বটল আগবঢ়াই দিলে। তেওঁ হাত ভৰি ধুই পোচাক পিন্ধিব ধৰিলে আৰু হাতত থৈলা থকা মানুহজনে ড্ৰাইভাৰৰ চিটত বহি গাড়ী ষ্টাৰ্ট কৰিলে। ভিক্ষাৰীজন(?) যুৱতীগৰাকীৰ হাতত চুমা এটি খাই দুয়ো গাড়ীত বহিল।পলকতে গাড়ীখন অন্তৰ্ধান হ’ল।