অভিনন্দন অনুষ্ঠান
এতিয়া পৰীক্ষাৰ বতৰ।বিদ্যালয় সমূহৰ বছেৰেকীয়া পৰীক্ষাৰ লগতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰো পৰীক্ষা অনুষ্ঠিত হৈছে।এই পৰীক্ষাই হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ এখন জপনা।এই জপনাখন সুখ্যাতিৰে পাৰ হোৱাতোকে সকলো অভিভাৱকে মনে প্ৰাণে কামনা কৰে।এই ক্ষেত্ৰত শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱনটোক আগুৱাই নিবলৈ যথেষ্ট কষ্ট কৰে।এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ শৈক্ষিক,সামাজিক,সাংস্কৃতিক, তথা অৰ্থনৈতিক দিশ সমূহত আগুৱাই লৈ যাবলৈ সমাজৰ বিভিন্ন স্তৰৰ সামাজিক অনুষ্ঠান সমূহৰ লগতে আমাৰ প্ৰত্যেকৰে দায়িত্ব নহয় জানো?কিন্তু এই দায়িত্ব আমি কিমান জনে পালন কৰোঁ?আমাৰ জানো সামাজিক দায়িত্ববোধ নাই?পৰীক্ষাৰ প্ৰাকমূহুৰ্তত আমি কিয় পৰীক্ষাৰ্থী সকলক পঢ়াৰ ক্ষেত্ৰত সহায় নকৰোঁ!আমি পৰীক্ষাৰ্থী সকলক কিদৰে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে,এই বিষয়ে কিয় প্ৰাথমিক ধাৰণাখিনি দিব নোৱাৰোঁ!কিন্তু উপযুক্ত সময়ত ইয়াকে নকৰি ফলাফল ওলোৱাৰ পিচত কেৱল উতীৰ্ণ সকলকহে নিমন্ত্ৰণ কৰি সমাজৰ আগত চিনাকী কৰাই, গামোছা পিন্ধাই,সম্বৰ্ধনা পত্ৰ দিয়েই আমি সামাজিক অনুষ্ঠান সমূহে দায়িত্ব সামৰো নহয়নে!সেই সময়ত অনুতীৰ্ণ হোৱা শীক্ষাৰ্থী সকলৰ মনৰ অৱস্থা এবাৰ হলেও কল্পনা কৰিছোঁনে?আমি যথা সময়তেই যদি শিক্ষাৰ্থী সকলক পৰীক্ষাত বঢ়াৰ কৌশল সমূহ শিকাই দিলোহেঁতেন,নজনা প্ৰশ্ন সমূহৰ উত্তৰ বিচৰাৰ বাবে যদি সহায় কৰিলোঁহেতেন।তেতিয়া হয়তু সকলো শিক্ষাৰ্থীয়েই উতীৰ্ণ হৈ সমাজলৈ সুনাম কঢ়িয়াই আনিল হেঁতেন।তেতিয়া সকলোকে আমি সম্বৰ্ধনা জনাব পাৰিলো হেঁতেন।গতিকে সদাশয় সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি সকললৈ আহ্বান জনাও যে ভবিষ্যতে অভিনন্দন অনুষ্ঠান আদিৰ আয়োজন কৰাৰ আগতে শিক্ষাৰ্থী সকলক সহায় কৰাৰ অনুষ্ঠান কৰক।কেৰিয়াৰ গাইড্ সম্পৰ্কীয় অনুষ্ঠান কৰক।তেতিয়া সমাজখন শিক্ষিত আৰু ভাল মানুহেৰে ভৰি পৰিব।
সত্যজিৎ গগৈ
নাহৰকটীয়া