অপৰাধ
সকলোৰ লগত হাঁহি মাতি থকা নীলা জনী আজি নিমাত…!! “কি হৈছে..?? একোতো হোৱা নাই” এই কথাষাৰে তাইৰ মনলৈ বাৰে বাৰে আহিছে ।একো যদি হোৱাই নাই তেন্তে………!!(টেবুলৰ ওপৰত পৰি থকা ৰিপোৰ্টখনলৈ চাই ৰ’ল নীলাই। অপৰাধ বুলি জানিও নীলাই সেই অপৰাধ কৰিবলৈ ডঃ বৰুৱাৰ কাষ পালেগৈ । ডঃ বৰুৱাই নীলাক কেইটামান প্ৰতিষ্ঠানৰ ঠিকনা দি ক’লে-“নীলা !! এই প্ৰতিষ্ঠানত গৈ তুমি এই অপৰাধ নকৰা কৈয়ে ভাল দৰে থাকিব পাৰিবা।” তেতিয়া নীলাই ক’লে- “অবিবাহিত অৱস্থাত মাতৃ হোৱাৰ বদনামৰ ভয়ত মই এই অপৰাধ কৰিব খোজা নাই ছাৰ,মই মাথোঁ বিশ্বাসৰ সুবিধা লোৱা দুষ্ট প্ৰেমিকৰ ৰূপত এজন ধৰ্ষণকাৰী নাইবা বিশ্বাসত ভোল যোৱা প্ৰেমিকাৰ ৰূপত এগৰাকী ধৰ্ষিতাক এই পৃথিৱীলৈ আনিব খোজা নাই। পৱিত্ৰ আৰু নিস্বাৰ্থ ভালপোৱা বোৰ কাহানিবাই আত্মহত্যা কৰিছে । মই বিচাৰোঁ বৰ্তমান সময়ৰ মিছা ভেজাল ভাল পোৱাৰ নামত মোৰ প্ৰেমিক আৰু মোৰ দৰে আকৌ এজন ধৰ্ষণকাৰী নাইবা ধৰ্ষিতাৰ পৃথিৱীৰ ক’তো জন্ম নহওঁক।।”
স্ৰোতস্বিনী দেৱী