অপত্যস্নেহ – পৰিস্মিতা বৰা হাজৰিকা

অণুগল্প

 অপত্যস্নেহ

পৰিস্মিতা বৰা হাজৰিকা
মাজুলী

বহুদিনেই হ’ল সিহতি ভালকৈ এসাজ খাবলৈ নোপোৱা । গাভাৰী মানুহজনীৰ বৰকৈ মাংসৰ জোল অকন খাবলৈ মন গৈ আছিল যদিও সিহে পইচাৰ অভাৱত আনিব পৰা নাছিল । মন থাকিলেও জোৱাই মাৰিব নোৱাৰে সি । যেনে তেনে জোৰা টাপলি মাৰি পাচঁ‌ জনীয়া পৰিয়ালটো পোহপাল দিছে সি ।

আজি যেনে তেনে মাংস এপোৱা আনিছে সি । মৈদাখনেৰে সৰু সৰুকৈ টুকিৰা কৰিছে তাই । লগতে সৰহকৈ অমিতা আৰু আলু দুটুকুৰামান দু সোৱাদ লগাকৈ ৰান্ধিলে । শাহু শহুৰৰ লগতে ননদ আৰু গিৰিয়েককো খাবলৈ দি তাই নিজলৈ অলপ লাহে লাগে ভাত কেইটা বাঢ়িলে । মাংসৰ কেৰাহীখন চুচি চুচি জোলকন লৈ তাই পিৰাখন পাৰি ভাতৰ পাতত বহোঁতে গিৰিয়েকে তাইলৈ লুকুৱাই থোৱা মাংস বাটিটো আনি তাইৰ সন্মুখত দিওতে তাই চকুযোৰ সেমেকি উঠিল । জোৰেৰে ওলাই আহিব খোজা চকুৰ পানীখিনি বাধা দি এটা মিচিকিয়া হাহি মাৰিলে তালৈ চাওঁ যত সি দিনটোৰ সমষ্ট দুখ কষ্টবোৰ পাহৰি গ’ল ।