অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন চন্দ্ৰবাবু নাইডুৱে 

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এন চন্দ্ৰবাবু নাইডুৱে 

ৰঙিলী বাৰ্ত্তাসেৱা- আজি  অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেলুগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে শপত গ্ৰহণ কৰে ৷ তেওঁৰ পাচত জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।  উল্লেখ কৰা প্ৰয়োজন যে, পৱন কল্যাণে ২০০৮চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল। কিন্তু শাৰিৰিক অসুস্থতাৰ বাবে মাজতে কিছুদিন ৰাজনীতিৰ পৰা বিৰতি লৈছিল পৱন কল্যাণে। ১৯৯৬চনত দক্ষিণৰ ছবিজগতত প্ৰৱেশ কৰা পৱন কল্যাণে বহু ছুপাৰহিট ছবি উপহাৰ দিছে। ২০১৪চনত পৱন কল্যাণে জন সেনা পাৰ্টিৰ জন্ম দিছিল।  চন্দ্ৰবাবু নাইডুৰ লগতে তেওঁৰ ২৪ জন সতীৰ্থই মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷ অন্ধ্ৰ প্ৰদেশৰ গৱৰ্ণৰ এছ আব্দুল নাজীৰে আটাইকে শপত বাক্য পাঠ কৰোৱায় ৷ চন্দ্ৰবাবু নাইডু ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০০৪ চনলৈকে একেৰাহে ৯ বছৰ ৰাজ্যখনৰ নেতৃত্ব দিছিল । ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পাচত তেওঁ দ্বিতীয়বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ২০১৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰে । নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বণ্ডী সঞ্জয় কুমাৰৰ লগতে আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ উপৰি তেলেংগানাৰ প্ৰাক্তন গৱৰ্ণৰ তামিলিছাই সৌন্দৰ্যৰাজন, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু, অভিনেতা চিৰঞ্জীৱী, ৰজনীকান্ত, নন্দমুৰি বালকৃষ্ণইও টিডিপিৰ মুৰব্বীগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।