অন্ধবিশ্বাস দূৰীকৰণ সম্পৰ্কীয় দ্বিতীয় সজাগতা সভা আৰ্যভট্ট মাজুলী জিলা কেন্দ্ৰৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমাজত প্ৰচলিত অন্ধবিশ্বাস দূৰীকৰণৰ বাবে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ বিশেষ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী জিলাৰ সৌজন্যত আয়োজিত সজাগতা কাৰ্যসূচীৰ দ্বিতীয়খন সজাগতা সভা আজি মাজুলীৰ বেঙেনাআটী ৰমাকান্ত দেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনিন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে কেন্দ্ৰৰ জিলা সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে সকলোকে আদৰণি জনোৱাৰ লগতে অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই বিজ্ঞানক মানুহে জীৱন নিৰ্বাহৰ লগৰীয়া কৰিবলৈ শিকিলে যদিও সৰহভাগ মানুহৰে বৈজ্ঞানিক সজাগতা আৰু মনস্কতা বৰ্তমানেও গঢ় লৈ উঠা নাই বুলি উল্লেখ কৰে। লগতে এক যুক্তিবাদী মনৰ দ্বাৰাহে এনে কুসংস্কাৰসমূহক আঁতৰ কৰিব পৰা যাব বুলি অভিহিত কৰে। সভাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য্যই কেইবাটাও বাস্তৱ উদাহৰণৰে কিদৰে এচাম অসৎ ব্যক্তিৰ প্ৰৰোচনাত ঠায়ে ঠায়ে একাংশ লোক ক’লা যাদুৰ দৰে অন্ধবিশ্বাসৰ বলি হৈছে সেই বিষয়ে উল্লেখ কৰি তেনেধৰণৰ ভুক্তভোগী নিৰীহ লোকক অৱহেলাৰ পৰিৱৰ্তে মৰম আৰু সাহসেৰে সবল কৰি সমাজকো সুস্থ কৰিবলৈ সকলোকে অনুৰোধ জনায়। লগতে শিক্ষা আৰু সচেতনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল সমৃদ্ধ হ’লে অনাগত সময়ত এনে কুসংস্কাৰসমূহ সমাজৰ পৰা সম্পূৰ্ণৰূপে দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে। বিদ্যালয়ৰ শিক্ষকসকলৰ ফালৰ পৰা জ্যেষ্ঠ শিক্ষক থানেশ্বৰ শইকীয়া, শিৱকান্ত মহন্ত, জয় দোলাকাষৰীয়া, নাৰায়ণ শইকীয়া, ৰিতা দোলাকাষৰীয়া আদিয়ে বক্তব্য আগবঢ়াই এনে সজাগতামূলক সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ বাবে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ফালৰ পৰা ছাত্ৰী দুলুমণি ৰেগন আৰু ছাত্ৰ জয়ন্ত বৰাই নিজৰ অনুভৱ বাখ্যা কৰি সকলোকে আপ্লুত কৰে। মাজুলীৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰাই।