অন্তৰ্ষ্ট্ৰীয় সুন্দৰ্য প্ৰতিযোগিতাত খীতাপ অৰ্জন কৰা কিৰণ বড়োৰ উদ্যোগত হস্ত-তাত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন

অন্তৰ্ষ্ট্ৰীয় সুন্দৰ্য প্ৰতিযোগিতাত খীতাপ অৰ্জন কৰা কিৰণ বড়োৰ উদ্যোগত হস্ত-তাত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা ৬৫ নং কলাইগাও বিধান সভা সমষ্টিৰ অন্তৰ্গত টংলা নিকটৱৰ্তী নিজ মোগল গাঁওৰ পিছপৰা মহিলা সকলক সুবলি কৰণ কৰাৰ উদ্দেশ্যৰে কিৰণ বড়োৰ উদ্যোগত হস্ত তাত প্ৰশিক্ষণ কেন্দ স্থাপন । উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ দাৰবান চহৰত ২০১৭ চনত মিচেচ ইউনিভাৰ্চ সন্মান বুটলিবলৈ সক্ষম হোৱা কিৰন বড়োৱে দেশ বিদেশ ঘুৰি পিচপৰা মহিলা সকলৰ সৱলীকৰণৰ হকে দেহে কেহে লাগি থকা কিৰন বড়ো একেধাৰে বোলছবি অভিনেত্ৰী, গায়িকা, আৰু সুদক্ষ খেলুৱৈ কিৰণ বড়োৱে নিজৰ ৫ বিঘা মাটি দান কৰি অঞ্চলটোৰ মহিলা সকলক বোৱা কটা প্ৰশিক্ষণ দি কৰ্ম সংস্থাপনৰ পথ মোকলায় দি বস্ত্ৰ নগৰী শুৱালকুছিৰ দৰে এখন উৎপাদমুখী স্বাৱলম্বী গাঁও নিৰ্মাণ কৰাৰ সপোন ৰছিছে মিচ ইউনিভাৰ্চ কিৰণ বড়োয়ে। যাৰ পৰিপেক্ষিতত কিৰণ বড়োয়ে মদৈবৰি অঞ্চলৰ নিজ মোগল গাঁ‌ৱৰ পৰা ৫ বিঘা মাটি দান কৰি হস্ত-তাত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ কৰিছে। এতিমধ্যে কেন্দ্ৰ নিৰ্মাণ কাম প্ৰাই সম্পূৰ্ণ হৈছে, সেয়েহে আহা ১২ ছেপ্টেম্বৰ তাৰিখে বিটিচি উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু কেবিনেট তথা হস্ত-তাত মন্ত্ৰী ইউ জি ব্ৰাহ্ম উপস্থিত থাকি হস্ত-তাত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব বুলি জানিব দিয়ে। যাক লৈ এতিয়া অঞ্চলটোৰ লোকে উৎফুল্লিত হৈ পৰিছে।