অন্তিম যাত্ৰাৰ সময়ত – এছ ইছলাম

PC - Pexels
অন্তিম যাত্ৰাৰ সময়ত
এছ ইছলাম, বৰপেটা
অন্তিম যাত্ৰাৰ সময়ত
আইয়ে নেকান্দিব
পিতাইয়ে নেকান্দিব
সিহঁতে যে অগ্ৰজ!
ল’ৰাই নেকান্দিব
বোৱাৰীয়ে নেকান্দিব
সিহঁতে যে স্বাৱলম্বী!
গাওবাসীয়ে নেকান্দিব
ক্ষতিগ্রস্ত নহয় সিহঁত।
তুমি কিয় কান্দিবা
নেকান্দিবা তুমি
কান্দিলে মোৰ হৃদয়ত
আঘাত লাগিব
নেকান্দিবা প্ৰিয়া
নেকান্দিবা!
শুভ্ৰ পোছাক পৰিধান কৰি দিব
আঁতৰ ছটিয়াই দিবা তুমি
প্ৰকাশিত পুথিবোৰ
দেশ মাতৃৰ নামত উচৰ্গা কৰিবা
আলোচনা নকৰিবা
হাঁহিমুখে বিদায় দিবা
মোৰ আধৰুৱা কামখিনি
পাৰিলে সমাধা কৰিবা
শান্তি পাব মোৰ আতমাই
প্ৰিয়া, শান্তি পাব।