অনুৰোধ – আয়নাল হক

অনুৰোধ
আয়নাল হক,ধুবুৰী
অনুভৱৰ তাগিদাতে
হৃদয়ত শব্দই গজালি মেলে
শব্দবোৰে ঠেলা-হেঁচা কৰে
কলমৰ আগত থিতাপি ল’বলৈ।
কল্প-চিত্ৰ এটা অংকন কৰি
তাক কাগজত সজাব খোজোঁ
শব্দৰ ন ন বিন্যাসেৰে।
গুজৰি-গুমৰি থকা অনুভৱবোৰে
ডায়েৰীৰ পৃষ্ঠাত নাচি উঠে।
সৃষ্টিৰ কি যে অনন্য উন্মাদনা !
তুমি নাভাবিবা–
লিখি যোৱা অনুভৱবোৰেৰে
মই নিজকে কবি সজাব খুজিছোঁ বুলি।
মোৰ অনুৰোধ–
কবি হ’ব পৰা নাই যদিও
এই অকবিৰ অনুভৱৰ ছাঁত
কেতিয়াবা জিৰাবাহি–।
অকবিৰ অনুভৱৰ মাজতে
সময় পালে জীৱনটো চাবাচোন জুমি।