অনুৰাগ তোমাৰ বাবে
ববিতা বৰঠাকুৰ
কুৰাল গুৰি
বজাৰত বস্তুৰ দাম বাঢ়িছে,আজি গেছ চিলিণ্ডাৰ এটাৰ দাম গাড়ী এখনৰ সমান হ’ল,শাক-পাচলি,ঔষধৰ দাম প্ৰতি ঘন্টাত বৃদ্ধি পাইছে । সন্তানৰ পঢ়া খৰছ,দৈনিক খোৱা-বোৱা,সামাজিক,ধৰ্মীয় অনুষ্ঠানলৈ দান বৰঙণি, বিয়া, অন্নপ্ৰাশন ,জন্ম দিন বুলিলেই কমকৈ হ’লেও হাজাৰ বাৰশ টকা লাগে । টনা- টনিকৈ কিমান চলিবা আৰু, এনেবোৰ কথাৰ বাবে মধ্যবিত্ত পৰিয়ালত স্বামী স্ত্ৰীৰ মাজত অঁৰিয়া-অঁৰি,কাৰো কথা কোনেও নুশুনে, ক’ৰোনা মহামাৰীয়ে বহু সংসাৰলৈ অমানিশা কঢ়িয়াই আনিছে । আগতে মধ্যবিত্ত শ্ৰেণীবোৰ ‘ল’ক ডাউনৰ’ কেঁকুৰা- চেপাট অনুত্তীৰ্ণহৈ নিম্ন শ্ৰেণী হ’ল । হ’ল বুলিও আৰু কিমান টানিব মানুহ গৰাকীয়ে, কিছুমান খৰছ কমাইছে, কিছুমান কমাব নোৱাৰি,আজিকালি একেযোৰ কাপোৰে দুখন বিয়া খাব নোৱাৰি, ধনী ঘৰৰ ম’বাইল,কেমেৰাবোৰে আমাৰ দৰে মানুহক বিৰক্তি দিয়ে,সৰু টোপোলা এটালৈ বিয়ালৈ যাব নোৱাৰি,উপহাৰ ডাঙৰ আৰু দামী হ’ব লাগিব, ,কেনেবাকৈ কেমেৰাই ধৰা পেলাবলৈ হ’লে মান সন্মান সকলো শেষ । এইবোৰ কথা মানুহজনক ক’লেই ঘৰ খন কুৰুক্ষেত্ৰ হয় । বহু নাৰীৰ মনত ভিন্ন কাৰণত পোক এটা সোমাই থাকে যে পুৰুষ সকল অত্যাচাৰী, নাৰীৰ দুখ নুবুজে,স্বাৰ্থপৰ,আক্ৰমণকাৰী ইত্যাদি । কিন্তু পুৰুষৰ কোমল মনটো স্পৰ্শ কৰিবলৈ নাৰীয়ে বিচাৰিলেই সংসাৰ সুখৰ হ’ব । বহু সময়ত আমাৰ আইন ব্যৱস্থাই স্বামী-স্ত্ৰী দ্বন্দ বৃদ্ধিহে কৰে । স্বামীয়ে পৰ্যাপ্ত ধন উপাৰ্জন কৰিব নোৱাৰিলে সততে পত্নীৰ ককৰ্থনা, তুচ্ছ-তাচ্ছিল্যৰ সন্মুখীন হ’ব লগা হয়,কিন্তু স্বামীয়ে পত্নীক চাকৰি বিচাৰিবলৈ ক’লে সেয়া হ’ব মানসিক নিৰ্যাতন । পত্নীৰ নিজ আৰ্জিত বা পিতৃপ্ৰদত্ত সম্পত্তিৰ ওপৰত স্বামীৰ কোনো আইনগত অধিকাৰ নাথকে । কিন্তু স্বামীৰ সকলো সম্পত্তিৰ ওপৰত পত্নীয়ে সম আধিকাৰ ভোগ কৰে । যি কোনো কাৰণতে বিবাহ বিচ্ছেদ হ’লে পত্নীয়ে স্বামীৰ পৰা যথেষ্ট পৰিমাণৰ ক্ষতি পূৰণ দাবী কৰে কিন্তু পত্নী ক্ষেত্ৰত এনে ব্যৱস্থা নাই । আমাৰ দেশত এতিয়াও যৌতুক দিয়াৰ বাবে শাস্তি দিয়াৰ উদাহৰণ দেখা নাযায় ।
হয়,আমাৰ চাৰিওফালৰ পৃথিৱী খনত পুৰুষতান্ত্ৰিক সমাজৰ প্ৰভাৱ দেখা যায়,ধৰ্ষণ,শোষণ,অত্যাচাৰৰ ঘটনাই আমাক কুন্ডুলি পকাই ধৰে । তথাপি আমি আমাৰ আপোন পুৰুষ জনক ওচৰৰ পৰা জুমি চালে দেখিম, তেওঁৰ অন্তৰতো মৰম-স্নেহ,দয়া আছে,ফুল-কবিতা,সংগীত ভালপোৱা এজন আৱেগ সুন্দৰ পুৰুষ । আমাৰ আপোন পুৰুষ জন দূৰদৰ্শী,কল্পনাপ্ৰৱন,ধেমেলীয়া, বন্ধুৰ দৰে তেওঁ ৰন্ধা-বঢ়া কৰে,বাচন ধোৱাৰ পৰা সন্তানৰ খোৱা-লোৱা চম্ভালি ঘৰখন পৰিপাটিকৈ ৰখাত সহায় কৰে । তাৰ অন্ততঃ তেওঁ হয়তো বিচাৰে,তেওঁক অকণমান অনুৰাগ,ভালপোৱা, বুজা -বুজি ,সামান্য স্বীকৃতি আৰু আশ্বাস বিশ্বাসৰে ভৰা আইৰ দৰে এখন কোলা, জিৰণি ল’ব পৰাকৈ অকণমান নিৰাপত্তা । কম খৰছতে মিতব্যয়ী ভাৱে ঘৰখন চলাব পৰা এগৰাকী গৃহিনী, গোপনে চকুপানী মুচি দিব পৰা এগৰাকী প্ৰণয় প্ৰাৰ্থী । কৰুণাময় এহাল চকু,তেওঁ যেন ক’ব,” তুমি যিখিনি কৰিছা, বহুত কৰিছা, তোমাৰ সান্নিধ্য মোৰ বাবে শ্ৰেষ্ঠ উপহাৰ” । অভিযোগ বিহীন ভাৱে আগবঢ়োৱা আন্তৰিকতাপূৰ্ণ পৰামৰ্শ আৰু সময়ক মধুময় কৰা প্ৰেমৰ কেইটামান শুভ মুহূৰ্ত ।সমাজক সাক্ষী কৰি বিবাহৰ দ্বাৰা সুখী গৃহস্থী জীৱন আৰম্ভ কৰোঁতে স্বামীয়ে মূল ভাৰ গ্ৰহণ কৰে । যি দৰে নাৰী গৰাকীয়ে পিতৃ গৃহ ত্যাগ কৰে, সেইদৰে স্বামী জনে অনিবাৰ্য দুর্দশাকো জয় কৰি,দুখ আৰু হতাশাবোৰক সুখ আৰু আশালৈ ৰূপান্তৰিত কৰি পত্নীক নিৰাপত্তা দিয়াৰ সংকল্প লয় । অন্ন,বস্ত্ৰ,বাসস্থানৰ সুবিধা দিয়াৰ । জীৱনৰ সহজ আৰু জটিল মুহূৰ্তত সংগী হোৱাৰ সদ্ৱনাৰে আৰম্ভ হয় দাম্পত্য জীৱনৰ প্ৰথম খোজ । স্বামীৰ আদৰ-যত্নতে পোখা মেলে পত্নীৰ প্ৰচুৰ সম্বৱনা প্ৰতিভা বিকাশৰ সেউজীয়া পথ।
সমাজত নাৰী ধৰ্ষিত হৈছে,পুৰুষৰ শোষণ আৰু শাসনত জীৱন ত্যাগ কৰিবলৈ বাধ্য হৈছে তথাপি এনে বহু পুৰুষ আছে যি জনে হাজাৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত পূর্ণ কৰিছে,নাৰীৰ আশা আকাংক্ষা । আৱলা দুৰ্বলা নাৰীক আত্ম প্ৰত্যয় ঘূৰাই আনি সঠিক পথৰ সন্ধান দিছে হাজাৰ জন স্বামীয়ে । মানসিক সমৰ্থন,শাৰীৰিক যত্ন লোৱা বহুজন স্বামী আমাৰ মাজতে আছে । পত্নীৰ অসুস্থ অৱস্থাত দৈনিক কৰ্ম কৰাৰ উপৰিও পাক ঘৰৰ পৰা সন্তান প্ৰতিপালনতে সীমাবদ্ধ নাথাকি অসুস্থ অৱস্থাত ঔষধৰ যতন ধৰাকে নহয়,নখ কটি দিয়াৰ পৰা বিষ্ঠা পৰিষ্কাৰ কৰা দায়িত্বশীল স্বামী আমি মন কৰিলেই দেখিম । দুই এজন স্বামী অত্যাচাৰী হ’ব পাৰে,পুৰুষতান্ত্ৰিক কু- প্ৰথাৰে পত্নীক শোষণ কৰি সমাজৰ শৃংখলা ভাঙি অশান্তি আনিব পাৰে। সকলো নহয়,সকলো পুৰুষ একে বুলি ভাৱটো আমাৰ প্ৰগতিৰ প্ৰাচীৰ হ’ব । এখন সংসাৰৰ মূল মন্ত্ৰ বিশ্বাস, সহযোগিতা আৰু সদভাৱ,বুজাবুজি । স্বামী-স্ত্ৰী দুয়ো সমব্যথী আৰু সমদৰ্শী হ’ব পাৰিলে বহু সমস্যা সমাধান হয় । স্বামীৰ গুণ সমূহ আমি গঠনমূলক সমালোচনা আৰু প্ৰসংসাৰ দ্বাৰা প্ৰতিভা বিকাশ হোৱাত সহায় কৰিব পাৰো, তেওঁৰ মৰ্যদা বৃদ্ধি হ’লে প্ৰথমে আমি আত্ম সন্তুষ্টিৰ হাঁহি মাৰিম । অনুৰাগ,আনুগত্যই প্ৰেমক মধুৰ কৰে । দৈহিক আৰু মানসিক ভাৱে দিনে-নিশাই শ্ৰম কৰা মানুহ জনক আমাৰ সামান্যতম স্বীকৃতিয়ে মুখলৈ উজ্জ্বলতা কঢ়িয়াই আনে । তেওঁৰ চৰিত্ৰৰ শ্ৰেষ্ঠ গুণ ব্যক্তিত্ব,সংবেদনশীলতাই আমাক সুখী কৰে । স্বামী-স্ত্ৰী এজনে আনজনৰ সুখী কৰিবলৈ হ’লে কৰ্তব্য আৰু সহযোগিতা মাজেদি কৰ্ম কৰাৰ হেঁপাহ আৰু আগ্ৰহ বৃদ্ধি কৰি ব্যক্তিত্ব আৰু কৰ্মদক্ষতা প্ৰসাৰিত কৰিব লাগিব। প্ৰবাদ আছে,অফুৰন্ত সুখদায়িনী নাৰী ব্যাধি মুক্ত হয় ।
স্বামী-স্ত্ৰীৰ সুন্দৰ গঠন মূলক চিন্তা,বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ ,অনুশীলন,সদায়ে নতুন কিবা এটা কৰাৰ সৃষ্টিমূলক এটি মনে ঘৰ- সংসাৰলৈ সৌন্দৰ্য কঢ়িয়াই আনে । শৰীৰৰ সৌন্দৰ্যতকৈ সু স্বাস্থ্য আৰু মনৰ সৌন্দৰ্যই এখন ঘৰ স্বৰ্গ সদৃশ কৰে ।
আজি কালি প্ৰায় বিলাক স্বামী-স্ত্ৰী কৰ্ম ব্যস্ত,দিনৰ দিনটো ব্যৱসায়িক সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখে,তাৰ মাজতে পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ -খোৱাই আপোনজনৰ সৈতে গুণগত সময় বিনিময় কৰিলে দেহ মন প্ৰফুল্ল হৈ থাকে । দাম্পত্য জীৱনত অভাৱ,অভিমান, অশান্তি,উদ্বেগ,হাই কাজিয়া কম বেছি থাকিবই কিন্তু এই সমস্যা সমূহ সমাধানৰ সূত্ৰ নিজৰ মাজতে থাকে । মানৱ জীৱনৰ এই চুটি সময়ক কি দৰে প্ৰতি ক্ষণ উদযাপন কৰিব পাৰি তাক অনুসন্ধান কৰাই আমাৰ লক্ষ্য হওক । কৰ্ম ক্ষেত্ৰত এজনে আনজনক বৰ বেছি হস্তক্ষেপ নকৰা ই শ্ৰেয় । ব্যৱসায়িক, কৰ্ম জীৱন,সৃষ্টি মূলক কাম কৰোঁতে প্ৰতিজনেই নিজ স্বাধীন সত্তাৰে কাম কৰিবলৈ বিচাৰে,কৰ্মক্ষেত্ৰ আৰু পৰিয়ালত একেজন ব্যক্তিৰ পৃথক ভূমিকা থাকে । এনে ক্ষেত্ৰত হস্তক্ষেপ কৰাতকৈ বাহিৰৰ পৰা কৰ্মপ্ৰেৰণা দিয়াটো বুদ্ধিমানৰ কাম । বিশ্ববিখ্যাত বহু ব্যক্তিৰ সাফল্যৰ আঁৰত আছে তেওঁলোকৰ সাদৰী গৃহিনীৰ নিৰন্তৰ প্ৰেৰণা । কৌশলপূৰ্ণতাৰে সৰল আৰু স্পষ্ট ভাষাৰে কথা এটা ক’লে গুৰুত্ব বৃদ্ধি পায়,পেন্ পেননিয়া স্বভাৱ দুৰ্বলতাৰ পৰিচয় , আমাৰ কথা যে সদায়েই শুদ্ধ হ’ব,তেনে নহয় । যুক্তি আৰু বিবেচনাৰে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰি লোৱাৰ মানসিকতা থাকিব লাগিব । দুখ- কষ্ট প্ৰশান্তচিত্ত গ্ৰহণ কৰিব পৰাটো নাৰীৰ অন্যতম গুণ । বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰে অল্প অৰ্জনতে সন্তোষ পাব পাৰি । স্বামী স্ত্ৰী এজন আনজৰ বাবে এখন স্বচ্ছ দাপোন,আত্ম সমালোচনাৰে সুৰুচিপূর্ণ জ্ঞানৰ সন্ধানেৰে দুয়ো সংসাৰ সুন্দৰতা আনে । বহু স্বামীক পত্নীয়ে সমালোচনা মাজেদি পদস্খলনৰ পৰা ৰক্ষা কৰে । কেতিয়াবা সফলতাৰ ঠাইত বিফলতা আহিব পাৰে, কোনো কামত ব্যৰ্থ হ’লে উৎসাহ আৰু উদ্দীপনাৰ প্ৰয়োজন । ভালপোৱা, সযত্নই এক স্বৰ্গীয় অনুভূতি প্ৰদান কৰে য’ত কঠিন মুহূৰ্ততো ভুলবোৰ সংশোধন কৰি আৰোহণমুখী যাত্ৰাৰে আগবাঢ়িব পাৰি । বিশ্বাস আৰু আস্থাৰে দুই জন মিলি প্ৰয়োজন বোৰ পূৰ্ণ কৰিলে সংসাৰ আৰু সমন্ধই পূর্ণতা পায় । যিজনে আপোনজনৰ চিন্তাক বুজি হৃদয়ৰ পথটো চিনিব পাৰে, তাতকৈ সৌভাগ্য একো নাই । কৰ্ম সূত্ৰে স্বামী স্ত্ৰী পৃথক ঠাইত থাকিব লগা হ’লেও কিন্তু পৃথক হ’ব নালাগে মনোজগত । সুখ আৰু সৌন্দৰ্যৰ অনুভৱ একে হ’লে আজি একবিংশ শতিকাত বিজ্ঞান প্ৰযুক্তিৰ আশীৰ্বাদত উত্তৰ মেৰুৰ প্ৰেমিকাই দক্ষিণ মেৰুৰ প্ৰেমিকৰ লগত প্রেমাআলাপ কৰিব পাৰে ।
কৰ্ম ব্যস্ত জীৱনত এষাৰ মৰমৰ মাত,খোৱা-বোৱা যতন, এজন ভাল শ্ৰোতাহৈ তেওঁৰ সমস্যা সমূহ মন দি শুনা, সমাধানৰ সূত্ৰ বিশ্লেষণ কৰা। সকলো সপোন ,হেঁপাহ পূৰ্ণ নহ’লেও থকা খিনিকেলৈ আনন্দ কৰা স্বামী স্ত্ৰীৰ মৌলিক স্বত্ব । তেওঁৰ লগতে পৰিয়ালৰ আন সদস্য সকলৰ দুখ-সুখৰ সমভাগি হ’লে আপোনজন আৰু আপোনহৈ পৰে ।
সংগীত,নৃত্য,নাটক অনুষ্ঠানত ভাগ লোৱা, মাজে মাজে ফুল,কবিতা,গ্ৰন্থ বা ছবি উপহাৰ দিয়া,উল্লেখযোগ্য দিনবোৰ উদযাপন কৰা, তেওঁ ভাল লগা ঠাই ভ্ৰমণৰ বাবে আগ্ৰহ দেখুৱা, সামাজিক বা ধৰ্মীয় অনুষ্ঠানলৈ একে লগে যোৱা ইত্যাদিয়ে দুই জনৰ মাজত আত্মীয়তা বঢ়িয় ।
চাৰিওফালে কেৱল সমস্যা, এই কংক্ৰীটৰ পৃথিৱীত আমি সেউজীয়া বিচাৰিব লাগিব আমাৰ আপোনজনৰ হৃদয়ত,সকলোৰে সংসাৰ সুখৰ হওক, প্ৰতি ঋতুৰ আগমনত দুটি প্ৰেমিক পক্ষী ব্যাকুলহৈ পৰক , খং,ৰাগ,দুষ্ট বুদ্ধিবোৰ বিসৰ্জন দি প্ৰতি গৰাকী স্বামী -স্ত্ৰীয়ে নতুন প্ৰভাতত সুৰুজৰ ৰূপোৱালী আভাক স্বাগতম জনাওক, গীতিকাৰৰ ভাষাত ‘অনুৰাগ তোমাৰ বাবে/অনুভূতি তোমাৰ বাবে ……